
আমেৰিকাত কৰ’ণা ভাইৰাছৰ বৃদ্ধি হোৱা সংক্ৰমণ ৰোধ কৰিবলৈ সম্পূৰ্ণ এটা একাডেমিক ছেচনৰ বাবে চৰকাৰে স্কুল-কলেজ বন্ধ ৰখাৰ নিৰ্দেশনা প্ৰদান কৰে। এই সিদ্ধান্ত ৱাছিংটনৰ DCসহ দেশৰ প্ৰায় ৩৭খন ৰাজ্যত বলবৎ কৰা হৈছে। আমেৰিকাই সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া এইটো প্ৰশ্ন উত্থাপন হৈছে যে ভাৰততো সৃষ্টি হ’ব পাৰে নেকি এনেকুৱা পৰিৱেশৰ।
CNNৰ ৰিপৰ্ট অনুসৰি আমেৰিকাত প্ৰায়ভাগ গৰ্ভনৰে এইটো নিৰ্দেশ প্ৰদান কৰিছে যে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ স্কুল-কলেজ বন্ধ কৰা সিদ্ধান্তই যথেষ্ট সহায় কৰিব। ৩৭খন ৰাজ্যত এই নিয়ম বলবৎ কৰাৰ অনুমোদন জনোৱা হৈছে।

ইফালে আমেৰিকাক কেইবাখনো ৰাজ্যই কোৱা অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি ৰাজ্যসমূহত স্কুল খুলিব পাৰে। কিন্তু যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইটোৰে অনুমান কৰিব পাৰি যে আমেৰিকাত এই একাডেমিক ছেচনত কোনো শিক্ষাৰ্থী স্কুললৈ নাযাব।
ফ্লোৰিডা, টেক্সাছ আৰু ৱাছিংটনৰ লগতে ৱাছিংটন DCসহ কেইবাখনো ৰাজ্যই ইয়াৰ আদেশ জাৰি কৰিছে যে ছাত্ৰ-ছাত্ৰীসকলক ঘৰত থাকিয়েই পঢ়া-শুনা কৰক। ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন মাধ্যমেৰে অধ্যয়ন অব্যাহত।
Photo credit: aajtak.intoday.in/