
ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ। বিভিন্ন ধৰণৰ দল-সংগঠনে অনুষ্ঠিত কৰা প্ৰতিবাদ বা ৰেলীত অংশগ্ৰহণৰ বাবে ওলাই আহে বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। পাঠদান চলি থকাৰ সময়তে এনেদৰে শ্ৰেণীকোঠাৰ পৰা ওলাই আহি প্ৰতিবাদত ভাগ লোৱাৰ ফলতে যথেষ্ট সময় নষ্ট হয় শিক্ষাৰ্থীসকলৰ।

ইয়াৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা কোনোধৰণৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিব নোৱাৰিব ছাত্ৰ-ছত্ৰীসকল। প্ৰতিখন শিক্ষানুষ্ঠানলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ।

ইয়াৰ পিছতো যদি কোনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত ভাগ লয় বা পাঠদান চলি থকাৰ মাজতে যদি স্কুলীয়া ইউনিফৰ্ম পিন্ধি প্ৰতিবাদত ভাগ ল’বলৈ ওলাই যায় তেন্তে সেই শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। কেব বিৰোধী প্ৰতিবাদ দমনৰ বাবে তৎপৰ শাসক যন্ত্ৰ।