বিদ্যালয়ৰ কন কন ছাত্ৰীয়ে উলিয়ালে নিজাকৈ বাতৰি কাকত, সামাজিক মাধ্যমত বিয়পি পৰিল বাতৰি কাকতৰ খবৰ

0
195

বিদ্যালয়ৰ কন কন ছাত্ৰীয়ে উলিয়ালে নিজাকৈ বাতৰি কাকত, সামাজিক মাধ্যমত বিয়পি পৰিল বাতৰি কাকতৰ খবৰ

বাতৰি কাকতৰ শক্তি কিমান সেয়া আজিৰ নহয় বহু দশক পূৰ্বেই প্ৰমাণ পাইছিল সকলোৱে। বাতৰি কাকত এনে এক আহিলা যিয়ে কাৰো একো ক্ষতি নকৰাকৈ খবৰ প্ৰদান কৰে। সেই বাতৰি কাকতৰ জৰিয়তেই দেশে এদিন স্বাধীনতাও লাভ কৰিছিল।

বাতৰি কাকতৰ খবৰ লাভ কৰিয়েই একগোট হৈছিল স্বাধীনতা সংগ্ৰামী সকল। জপিয়াই পৰিছিল দেশৰ হকে যুদ্ধত। সেই বাতৰি কাকতে বৰ্তমান সময়তো হেৰুৱাই পেলোৱা নাই জনপ্ৰিয়তা।

তাকেই প্ৰমাণ কৰি দেখুৱালে কেইগৰাকীমান স্কুলীয়া ছাত্ৰীয়েও। নিজাকৈ উলিয়ালে বাতৰি কাকত। যি বাতৰি কাকতে এতিয়া দৃষ্টি কাঢ়িলে বহু লোকৰ। সকলোৱে প্ৰশংসা কৰিছে সেই বাতৰি কাকতৰ। ॥

ছাত্ৰী কেইগৰাকী বিহাৰৰ এখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে। বাতৰি কাকতখনত বিদ্যালয় সম্পৰ্কীত সকলো ধৰণৰ বাতৰি প্ৰকাশ কৰিছে ছাত্ৰী কেইগৰাকীয়ে।

বাতৰি কাকত খনত খবৰৰ লগতে সজাগতামূলক খবৰো লিখিছে ছাত্ৰী কেইগৰাকীয়ে। কাকতখন ছাত্ৰীকেইগৰাকীয়ে নিজেই খবৰ সংগ্ৰহৰ লগতে নিজেই সম্পাদনা কৰি নিজেই লিখি উলিয়াইছে।