25.8 C
Guwahati
Sunday, October 17, 2021
More

    ছাত্ৰক বহিব কোৱাই যেন শিক্ষকৰ অপৰাধ, ছাত্ৰই কৰিলে এই কাম, থানাত গোচৰ দিলে শিক্ষকে

    ছাত্ৰক বহিব কোৱাই যেন শিক্ষকৰ অপৰাধ, ছাত্ৰই কৰিলে এই কাম, থানাত গোচৰ দিলে শিক্ষকে

    শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিবলৈ শিক্ষকৰ প্ৰৱেশ। সাধাৰণ ভাৱেই ছাত্ৰ ছাত্ৰী সেই সময়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চলি আছিল কথাৰ আদান প্ৰদান। সেয়ে শিক্ষকে কোঠাৰ ভিতৰত প্ৰৱেশ কৰিয়ে সকলোকে নিজ নিজ আসনত বহিবলৈ কয়।

    পিছে সেই কথাতেই এগৰাকী ছাত্ৰৰ খঙে চুলিৰ আগ পায়গৈ। খঙৰ ভমকতে এজন ছাত্ৰই পাঠদান শেষ হোৱাৰ পিছত শ্ৰেণীকোঠাৰ পৰা বাহিৰ ওলাই অহা শিক্ষকক লোহাৰ লাঠিৰে মূৰত কোব দি দিয়ে।

    লগে লগে তেজেৰে ৰাঙলী হৈ পৰে শিক্ষকৰ মূৰ। এই ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। দিল্লীৰ ৰণহোলা থানাৰ সমীপৰ এখন চৰকাৰী বিদ্যালয় ছাত্ৰই কৰিছে এই কাণ্ড।

    ঘটনাৰ পিছতে শিক্ষক গৰাকীয়ে দিয়া এজাহাৰত কৈছে যে, ছাত্ৰীগৰাকী একাদশ শ্ৰেণীত অধ্যয়নৰত, একেটা শ্ৰেণীতে ইতিমধ্যে দুবাৰ অনুত্তীৰ্ণ হৈছে। একেবাৰে উদণ্ড ছাত্ৰ গৰাকীৰ বয়স ২১ বছৰ।

    শিক্ষকগৰাকীৰ গোচৰৰ পিছতে আৰক্ষীয়ে ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে, লগতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

    আৰু পঢ়ক : শিৱসাগৰৰ উন্নয়নৰ বাবে তৎপৰ হৈ উঠিছে অখিল গগৈ, চৰকাৰৰ তৰফৰ পৰা ১২ কোটি টকাৰ আৱণ্টন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং