19.3 C
Guwahati
Sunday, December 5, 2021
More

    ২০ টা মাহৰ অন্তত বিদ্যালয়লৈ যাবলৈ সাজু শিক্ষাৰ্থী

    ২০ টা মাহৰ অন্তত বিদ্যালয়লৈ যাবলৈ সাজু শিক্ষাৰ্থী

    আজি ১৯ অক্টোবৰ মঙলবাৰৰ পৰা ৰাজ্যত খোল খালে বিদ্যালয়। ২০ টা মাহৰ অন্তত বিদ্যালয়লৈ যাবলৈ সাজু শিক্ষাৰ্থী। আজি প্ৰাকপ্ৰাথমিক আৰু হাইস্কুল সকলো শ্ৰেণীৰে বিদ্যালয়ত পাঠদান আৰম্ভ হব।

    ইতিমধ্যে সকলো বিদ্যালয়ে সাজু হৈ উঠিছে। কালিয়ে চাফ চিকুণ কৰি ছেনিটাইজ কৰিছে বিদ্যালয় সমূহ।

    কিন্তু চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিহে বিদ্যালয়ত পাঠদান কৰিব পাৰিব। এটা শ্ৰেণী কোঠাত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ ছাত্ৰীহে বহাৰ অনুমতি। তাকো সপ্তাহৰ গোটেই কেইদিনেই বিদ্যালয় পাঠদান নহয়। সপ্তাহৰ তিনিটা দিন হে এটা শ্ৰেণীৰ পাঠদান হব।

    প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি, কিন্তু মাথো তিনিটা দিন যাব লাগিব বিদ্যালয়লৈ। এই ক্ষেত্ৰতো চৰকাৰে কোনো ধৰা বন্ধা নিয়ম দিয়া নাই। অভিভাৱক সকলে বিচাৰিলে হে নিজৰ সন্তানক বিদ্যালয়লৈ পাঠগ্ৰহণৰ বাবে পঠিয়াব পাৰিব।

    উল্লেখ্য যে, কৰণা মহামাৰীৰ বাবেই বিগত ২০ মাহ ধৰি বন্ধ হৈ আছিল বিদ্যালয়। ইয়াৰ পূৰ্বে ৬ ছেপ্তেম্বৰ সোমবাৰৰ পৰা স্নাতকোত্তৰ , স্নাতক, উচ্চতৰ মাধ্যমিক, লগতে নৱম আৰু দশম শ্ৰেীৰ পাঠদান আৰম্ভ হৈছিল।

    স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ১ ছেপ্তেম্বৰ তাৰিখে সদৰি কৰা নতুন এছ অ পিত এই বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে ২ ছেপ্তেম্বৰৰ পৰাই শিক্ষক সকলে আহি আছে শিক্ষানুষ্ঠানলৈ। প্ৰথম পালি ভেকচিন লৈহে শিক্ষানুষ্ঠানলৈ অহাৰ অনুমতি শিক্ষক সকলক।

    আৰু পঢ়ক : গহপুৰত ভয়ংকৰ ঘটনা; ২ যুৱতীক ধৰ্ষণৰ অপচেষ্টা ৮ যুৱকৰ, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং