হতভম্ব সকলো! ছাত্ৰৰ বেগত মোবাইলৰ তালাচী চলাওঁতে উদ্ধাৰ কণ্ডম, গৰ্ভনিৰোধক, সুৰা আৰু বহুতো…

0
776
প্ৰতিনিধিত্বমূলক চিত্ৰ

হতভম্ব সকলো! ছাত্ৰৰ বেগত মোবাইলৰ তালাচী চলাওঁতে উদ্ধাৰ কণ্ডম, গৰ্ভনিৰোধক, সুৰা আৰু বহুতো…

বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে মনে মনে মোবাইল লৈ যোৱাৰ বাবে হঠাতে সকলো ছাত্ৰ-ছাত্ৰীৰ বেগ তালাচী অভিযান চলে। সেই অভিযানতে ছাত্ৰৰ বেগৰ পৰা ওলাই পৰে এনে বহুতো সামগ্ৰী যি দেখি আচৰিত হৈ পৰে সকলো।

সামগ্ৰী দেখি চকু কপালত উঠে বিদ্যালয় কৰ্তৃপক্ষৰ। কিয়নো ছাত্ৰৰ বেগৰ পৰা তালাচী চলাওতে ওলাই পৰে কণ্ডম, গৰ্ভনিৰোধক, নগদ বহুতো টকা, লাইটাৰ, চিগাৰেট, সুৰা আদি বহুতো আপত্তিজনক সামগ্ৰী।

তাকো এজনৰ পৰা নহয় কেইবাজনো ছাত্ৰৰ পৰা ওলাই পৰে একেই আপত্তিজনক সামগ্ৰী। এই ঘটনা কোনো বিদেশৰ নহয়, এইখন ভাৰতৰে বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ বেগৰ পৰা এই সামগ্ৰী সমূহ উদ্ধাৰ।

কৰ্নাটকৰ বাংগালুৰুস্থিত ৮০ খন বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে মাধ্যমিক শিক্ষা বৰ্ডে ছাত্ৰই বেগত গোপনে মোবাইল ফোন অনাৰ অভিযোগ লাভ কৰিছিল। সেই অভিযোগৰেই তালাচী চলাওতে উদ্ধাৰ কৰে সামগ্ৰী সমূহ।

যাৰ পাছতে বিদ্যালয় কেইখনৰ কৰ্তৃপক্ষই ছাত্ৰৰ লগতে অভিভাৱক সকলৰ সৈতে এক আলোচনাত মিলিত হয়। সকলোৱে মুখামুখিকৈ বহি লৈ এই আলোচনাত মিলিত হয়।

এই গোটেই বিষয়টো বিবেচনা কৰি, বিদ্যালয়বোৰে সিদ্ধান্ত লয় যে শিক্ষাৰ্থীসকলক নিলম্বন কৰাৰ দ্বাৰা এই সমস্যাটো সমাধান কৰিব নোৱাৰি। বিদ্যালয়সমূহে অভিভাৱকৰ সৈতে এক যুটীয়া বৈঠকো অনুষ্ঠিত কৰে।

তালাচী চলোৱা বিদ্যালয় কেইখনৰে ভিতৰত এখন বিদ্যালয়ৰ অধ্যক্ষই সদৰি কৰা মতে, শিশুসকলৰ আচৰণত এনে পৰিৱৰ্তন দেখা পোৱাৰ পিছত অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষ সকলোৱে আচৰিত হৈছিল।

যেতিয়া শিক্ষাৰ্থীসকলৰ মাজত এনে পৰিস্থিতি পোৱা গৈছিল, বিদ্যালয়বোৰে ইয়াক চম্ভালিবলৈ চেষ্টা কৰিছিল। যাৰ বাবে বিদ্যালয়সমূহে অভিভাৱকসকলক জাননী জাৰি কৰিছিল।

কিন্তু এই জাননীখন আগৰ দৰে একে হোৱাৰ সলনি সম্পূৰ্ণ বেলেগ আছিল। ই শিক্ষাৰ্থীসকলক নিলম্বন কৰাৰ পৰিৱৰ্তে পৰামৰ্শ দিয়াৰ বাবেহে জোৰ দিছিল।

যাৰ বাবে বিদ্যালয়সমূহে নিজাকৈ পৰামৰ্শ প্ৰদানৰ লগতে অভিভাৱক সকলকো ইয়াৰ বাবে কৈছিল। সেই উদ্দ্যেশ্যেই শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলক তেঁওলোকৰ সন্তানত এই ক্ষেত্ৰত বুজনি দিয়াৰ বাবে ১০ দিনলৈকে ছুটি লোৱাৰো পৰামৰ্শ দিয়ে।