জাতীয় পতাকাক অপমান প্ৰধান শিক্ষকৰ ! পতাকাখন টুকুৰা টুকুৰকৈ কাটি পৰিষ্কাৰ কৰিলে চকীৰ ধূলি

0
647

জাতীয় পতাকাক অপমান প্ৰধান শিক্ষকৰ ! পতাকাখন টুকুৰা টুকুৰকৈ কাটি পৰিষ্কাৰ কৰিলে চকীৰ ধূলি

পূব সিংভূম জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।পূব সিংভূম জিলা ঘাটশিলাৰ ব’ৰ্ড মিডল স্কুলৰ প্ৰধান শিক্ষকে জাতীয় পতাকা কাটি চকী, মেজ আৰু ব্লেকবোৰ্ড পৰিষ্কাৰ কৰিছিল। কথাটো জানিব পৰাৰ লগে লগে লগে লগে স্থানীয় ক্ষোভীত লোকসকল বৃহস্পতিবাৰে বিদ্যালয়খন ঘেৰি ধৰিছিল।

জানিব পৰা মতে শ্বাফাক ইকবালে শ্ৰেণীকোঠাতে কেঁচিৰে জাতীয় পতাকাখন টুকুৰা টুকুৰকৈ কাটিছিল। তাৰ পিছত পতাকা খনেৰে চকীখনত থকা ধুলিবোৰ আৰু বোৰ্ডখন পৰিষ্কাৰ কৰিছিল। দৃশ্যটো দেখি শ্ৰেণীত থকা ছাত্ৰ ছাত্ৰী সকলো ঘৰলৈ গৈ তেওঁলোকৰ অভিভাৱক সকলক এই কথা অৱগত কৰিছিল।

লগে লগে বিদ্যালয় খনত অভিভাৱক সকলক উপস্থিত হৈ হুলস্থুল সৃষ্টি কৰিছিল। অভিভাৱক সকলকে তেওঁৰ আলমাৰীৰ পৰা এটুকুৰা কটা পতাকা পাইছিলে। তেওঁলোকে কথাটো শিক্ষা খণ্ডৰ বিষয়া সকলক অৱগত কৰিছিল।

জাতীয় পতাকাক অপমান কৰাৰ বাবে শিক্ষা বিভাগে প্ৰধান শিক্ষক শ্বাফাক ইকবালক প্ৰধান শিক্ষকৰ পদৰ পৰা আঁতৰাই দিয়ে।কিন্তু প্ৰধান শিক্ষকজনে লোক সকলক কৈছিল যে পতাকাখন এন্দুৰে কুটি দিয়াৰ বাবেহে তেওঁ এনে কৰিছিল।

আনহাতে ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছিল যে আগতে বিদ্যালয় খনত সৰস্বতী পূজা কৰিছিল। কিন্তু শ্বাফাক ইকবাল অহাৰ পিছৰে পৰা ইয়াক নিষিদ্ধ কৰিছে। শিক্ষা বিভাগে ঘটনাক লৈ আৰক্ষীক খবৰ দিয়ে ।আৰক্ষীয়ে অভিযুক্ত প্ৰধান শিক্ষকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।