ঘৰত নমাই দিয়াৰ কথাৰে স্কুল বাছৰ চালকে ধৰ্ষণ কৰিলে মহিলাক, অৱশেষত গ্ৰেপ্তাৰ

0
541
প্রতিনিধিত্বমূলক চিত্ৰ

ঘৰত নমাই দিয়াৰ কথাৰে স্কুল বাছৰ চালকে ধৰ্ষণ কৰিলে মহিলাক, অৱশেষত গ্ৰেপ্তাৰ। কৰ্মথলীৰ পৰা উভতি আহি থকাৰ সময়তে এগৰাকী মহিলাৰ অসুবিধাৰ সুবিধা লৈ ধৰ্ষণ কৰিলে এজন বিদ্যালয় বাছ চালকে।

এই ঘটনা সংঘটিত হৈছে বাংগালুৰুৰত। এখন ব্যক্তিগত বিদ্যালয়ৰ বাছৰ চালকে পশ্চিম বাংগালুৰুৰ নয়ন্দাহাল্লিৰ ওচৰত বাহনৰ ভিতৰতে তিনি সন্তানৰ এগৰাকী মাতৃক ধৰ্ষণ কৰে।

কালি সংঘটিত হোৱা এই ঘটনাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান চলাই অভিযুক্ত ৪০ বছৰীয়া শিৱকুমাৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত নয়ন্দাহাল্লিৰ বাসিন্দা।

নাগাৰাভৱীত বাস কৰা ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী আন এখন ব্যক্তিগত বিদ্যালয়ত সহায়কৰ্তা (পিয়ন) হিচাপে কাম কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মহিলাগৰাকীয়ে সন্ধিয়াৰ সময়ত কৰ্তব্য সমাপন কৰি ঘৰলৈ অহাৰ বাবে ৰাজপথত বাহন চাই আছিল। কিন্তু সেই স্থানত নাছিল কোনো অন্য বাহন।

তেনে সময়তে পূৰ্বৰে কিছু চিনাকি বাছ চালক শিৱকুমাৰে মহিলাগৰাকীক ঘৰত নমাই দিয়াৰ কথা দি বাছত উঠিবলৈ দিয়ে। যদিও বিদ্যালয় বেলেগ, তথাপি পূৰ্বৰে কিছু চিনাকি থকাত চালকজনক বিশ্বাসত লৈ বিদ্যালয়ৰ বাছ খনত উঠি দিয়ে।

কিন্তু সামান্য যোৱাৰ পাছতে জনশূণ্য এলেকাত বাছ ৰখাই মহিলাগৰাকীক বাছৰ ভিতৰতে ধৰ্ষণ কৰে। তেতিয়া সময় প্ৰায় সন্ধিয়া ৫.৩০ বজা।

বাছৰ ভিতৰতে মহিলাগৰাকীক মাৰপিট কৰাৰ লগতে ধৰ্ষণ কৰে আৰু সেই কথা অন্যৰ আগত প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে।

আৰক্ষীৰ ওচৰলৈ নাযাবলৈ বা ঘটনাটোৰ বিষয়ে কাকো অৱগত নকৰিবলৈ সতৰ্ক কৰাৰ পিছত সন্ধিয়া প্ৰায় ৭মান বজাত মহিলাগৰাকীক ঘৰৰ কাষত থৈ আহে।

পাছে কালি নিশাই লগে লগে ভুক্তভোগী মহিলা কাষ চাপে আৰক্ষীৰ। আৰক্ষীৰ আগত সকলো সবিস্তাৰে কৈ গোচৰ তৰাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ধৰ্ষণত অভিযুক্ত বাছ চালকক।