UAPA ৰ অধীনত গোচৰ ৰুজু হোৱা মহিলা সাংবাদিক আৰু অধিবক্তাৰ আৱেদনত শুনানি উচ্চতম ন্যায়ালয়ৰ

0
100
ৰাজ্য চৰকাৰে এটা ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ক সংখ্যালঘু হিচাপে ঘোষণা
ফাইল ফটো

UAPA ৰ অধীনত গোচৰ ৰুজু হোৱা মহিলা সাংবাদিক আৰু অধিবক্তাৰ আৱেদনত শুনানি উচ্চতম ন্যায়ালয়ৰ

ত্ৰিপুৰাত হোৱা হিংসাত্মক কাৰ্যক উচতনি দিয়াৰ অভিযোগত দুগৰাকী অধিবক্তা আৰু ১ গৰাকী মহিলা সাংবাদিকৰ ওপৰত গোচৰ ৰুজু হৈছিল।

UAPA ৰ অধীনত ত্ৰিপুৰা আৰক্ষীয়ে এগৰাকী মহিলা সাংবাদিক আৰু অধিবক্তাৰ ওপৰত ৰুজু হোৱা গোচৰৰ ওপৰত আজি শুনানি গ্ৰহণ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।এই সন্দৰ্ভত ত্ৰিপুৰা চৰকাৰক ন্যায়ালয়ে নোটিচ জাৰিও কৰে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যয়ধীশ এবি ৰমন্না আৰু ন্যায়ধীশ এএছ বোপন্নাৰ এক বিচাৰপীঠে উত্তৰ প্ৰদেশ গাজিয়াবাদৰ অধিবক্তা মুকেশ, ভোপালৰ অনচাৰুল হক আৰু নতুন দিল্লীৰ সাংবাদিক শ্যাম মীৰা সিঙৰ আৱেদনত শুনানি গ্ৰহণ কৰে।

ন্যায়ালয়ে পৰৱৰ্তী আদেশলৈ অধিবক্তা আৰু সাংবাদিক কেইগৰাকীৰ ওপৰত কোনোধৰণৰ কাৰ্যবাহী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ আদেশ দিয়ে। লগতে UAPA ৰ কোঠৰ প্ৰৱধানৰ ওপৰত ৰুজু হোৱা গোচৰ সমূহ নিষ্পত্তিৰো অনুৰোধ জনাই ন্যায়ালয়ে।

উল্লেখ্য যে, ত্ৰিপুৰাত সংখ্যালঘু লোকসকলৰ ধৰ্মীয়স্থলত হোৱা হিংসা সন্দৰ্ভত ছচিয়েল মিডিয়াত কৰা পোষ্টৰ আধাৰত তেওঁলোক গ্ৰেপ্তাৰ হৈছিল।

উল্লেখ্য যে, ত্ৰিপুৰাত হোৱা হিংসাত্মক কাৰ্যৰ সময়ত দুই অধিবক্তা ত্ৰিপুৰাত আছিল আৰু মহিলা সাংবাদিক গৰাকীয়ে টুইটাৰত কৰা পোষ্টক লৈ গোজৰ ৰুজু হৈছিল।

আৰু পঢ়ক : গৰুৰ গোবৰ খাই ইয়াৰ উপকাৰিতাৰ বিষয়ে জনালে চিকিৎসকে, ভিডিঅ’ চালে চকু কপালত উঠিব আপোনাৰ