সংস্কৃতক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

0
46
প্ৰতিনিধিত্বমূলক চিত্ৰ

উচ্চতম ন্যায়ালয়ে আজি ২ ছেপ্টেম্বৰ শুকুৰবাৰে সংস্কৃত ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে গঢ়ি তুলিবলৈ ঘোষণা বিচাৰি কৰা এখন আবেদন নাকচ কৰে।

ন্যায়াধীশ এম.আৰ. শ্বাহ আৰু কৃষ্ণ মুৰাৰীৰ বিচাৰপীঠে ভাষা এটাক ‘ৰাষ্ট্ৰীয়’ মৰ্যাদা দিয়াটো এক নীতিগত সিদ্ধান্ত যাৰ বাবে সংবিধান সংশোধনৰ প্ৰয়োজন, আৰু আদালতৰ দ্বাৰা নিৰ্দেশ দিয়া নহয় বুলি মন্তব্য কৰি আবেদনটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

“এইটো নীতিগত সিদ্ধান্তৰ ক্ষেত্ৰত আছে ,আনকি এনে কৰিবলৈ হ’লে ভাৰতৰ সংবিধান সংশোধন কৰিব লাগিব। এটা ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাৰ বাবে সংসদলৈ কোনো ৰিট জাৰী কৰিব নোৱাৰি,” বিচাৰপীঠে কয়।

লগতে বিচাৰপীঠে এই ক্ষেত্ৰত আবিদনকাৰীক ওলোটাই প্ৰশ্ন কৰে- “ভাৰতৰ কিমানখন চহৰে সংস্কৃত ভাষা কয়? আপুনি সংস্কৃত ভাষা কয় নেকি? আপুনি সংস্কৃতত এটা শাৰী আবৃত্তি কৰিব পাৰিবনে বা কমেও আপোনাৰ ৰিট আৱেদনত প্ৰাৰ্থনাটো সংস্কৃতলৈ অনুবাদ কৰিব পাৰিবনে”।

আবেদনকাৰীৰ অধিবক্তাই এই ক্ষেত্ৰত কৈছিল যে, সংস্কৃত ভাষা দেশৰ “মাতৃ ভাষা” যাৰ পৰা আন ভাষাই অনুপ্ৰেৰণা লৈছিল।

আবেদনগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি শীৰ্ষ আদালতে কয় যে আবেদনকাৰীয়ে চৰকাৰৰ সন্মুখত এনে প্ৰতিনিধিত্ব দাখিল কৰাৰ স্বাধীনতা থাকিব পাৰে।

উল্লেখ্য যে, অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া আৰু অধিবক্তা কে জি ভানজাৰাৰ দ্বাৰা এই পিআইএল দাখিল কৰা হৈছিল।