28 C
Guwahati
Thursday, August 4, 2022
More

    মহাৰাষ্ট্ৰৰ ৰাজনীতি, একনাথ চিন্দেৰ সকাহ-উদ্ধৱ ঠাকৰেৰ সমস্যা, ১১ জুলাইত পৰৱৰ্তী শুনানি

    মহাৰাষ্ট্ৰৰ ৰাজনীতি, একনাথ চিন্দেৰ সকাহ-উদ্ধৱ ঠাকৰেৰ সমস্যা, ১১ জুলাইত পৰৱৰ্তী শুনানি। মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে, আজি উচ্চতম ন্যায়ালয়ে এক বিশেষ জাননী দিয়ে।

    যি জাননীৰ বাবে এতিয়া একনাথ চিন্দেৰ বিদ্ৰোহী গোটৰ নেতাজনে সকাহ পোৱা দেখা গৈছে। শুনানিৰ সময়, উচ্চতম ন্যায়ালয়ে উপাধ্যক্ষৰ জাননী খন ১১ জুলাইলৈকে স্থগিত ৰাখে।

    আন এখন আবেদনত বিধানসভাৰ উপাধ্যক্ষ, উদ্ধৱ ঠাকৰে চৰকাৰ আৰু মহাৰাষ্ট্ৰ আৰক্ষীকো জাননী জাৰি কৰিছে ন্যায়ালয়ে। যাৰ ফলত এতিয়া উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনা গোটৰ বাবে এক সমস্যা তথা বিফলতা ৰূপে দেখা গৈছে।

    অন্য আবেদনখনত তিনি দিনৰ ভিতৰত আদালতত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্দিৱালাক লৈ গঠিত এখন অৱকাশকালীন বিচাৰপীঠে আদালতত দাখিল কৰা দুয়ো দলৰ দুয়োখন আবেদনৰ শুনানি লৈছিল আজি।

    উচ্চতম ন্যায়ালয়ে দিয়া আজিৰ নিৰ্দেশৰ অৰ্থ হৈছে যে মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহাৰী জিৰৱালে ১৬ গৰাকী বিধায়কলৈ প্ৰেৰণ কৰা জাননীৰ উত্তৰ দিয়াৰ সময়সীমাৰ এতিয়া কোনো বৈধতা নাই।

    ন্যায়ালয়ে বিদ্ৰোহী শিৱসেনাৰ মন্ত্ৰী একনাথ চিন্দে আৰু আন ১৫ জন বিদ্ৰোহী বিধায়কক জাৰি কৰা অযোগ্যতাৰ জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি বৰ্তমানে এই কাৰ্যত স্থগিতাদেশ ৰাখিছে।

    ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাৰ অৱকাশকালীন বিচাৰপীঠে চিন্দেৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উপাধ্যক্ষক তেওঁৰ বিৰুদ্ধে অযোগ্যতাৰ আৱেদনত কোনো ব্যৱস্থা গ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়ে।

    আনহাতে উপাধ্যক্ষ সহ ঠাকৰেই দাখিল কৰা আবেদনৰ বাবে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰি ইয়াৰ উত্তৰ দিবলৈ দিয়ে। আৰু এই সময়চোৱাত কোনো লোকেই কাকোকে কোনো ক্ষতি কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি যি যিদৰে আছে তেনেদৰে থাকিবলৈ নিৰ্দেশ দিয়ে।

    পৰৱৰ্তী ১১ জুলাই সোমবাৰে এই কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিবলৈ দিয়াৰ লগতে বিষয়টো সন্দৰ্ভত শুনানীৰ দিন ধাৰ্য কৰে উচ্চতম ন্যায়ালয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং