অভিলেখ; একেদিনাই মৃত্যুদণ্ড প্ৰদান কৰা হ’ল ৮১ জন অপৰাধীক

0
1060
অভিলেখ; একেদিনাই মৃত্যুদণ্ড প্ৰদান কৰা হ'ল ৮১ জন অপৰাধীক
প্ৰতিনিধিত্বমূলক চিত্ৰ

অভিলেখ; একেদিনাই মৃত্যুদণ্ড প্ৰদান কৰা হ’ল ৮১ জন অপৰাধীক

শনিবাৰে চৌদি আৰৱত হত্যা, একাধিক জঘন্য অপৰাধ তথা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকা ৮১ জন লোকক মৃত্যুদণ্ড বিহা হৈছে।

চৌদি আৰৱৰ আধুনিক ইতিহাসত এদিনত এইটোৱে হৈছে সবাটোকৈ অধিক মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ অভিলেখ ।

ইয়াৰ পূৰ্বে ১৯৮০ চনৰ মক্কাৰ গ্ৰেণ্ড মছজিদ দখলত অভিযুক্ত ৬৩ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল।

অৱশ্যে এইটো এতিয়াও স্পষ্ট হোৱা নাই যে মৃত্যুদণ্ড প্ৰদানৰ বাবে শনিবাৰৰ দিনটো কিয় নিৰ্ধাৰণ কৰা হৈছিল।

নিৰীহ পুৰুষ, মহিলাসহ শিশু হত্যা তথা বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা মুঠ ৮১ জন লোকক শনিবাৰে মৃত্যুদণ্ড প্ৰদান কৰা হয়।

মত্যুদণ্ড বিহা লোকসকলৰ ভিতৰত আল কায়দা, আই এছ আৰু য়মনৰ হাউথি বিদ্ৰোহীও আছে।

মৃত্যুদণ্ড প্ৰদান কৰা ৮১ জনৰ ভিতৰত চৌদি আৰৱৰ ৭৩ জন, য়মনৰ সাতগৰাকী আৰু এজন ছিৰিয়াৰ নাগৰিক।

উল্লেখ্য যে ৰাষ্ট্ৰখনৰ এই সিদ্ধান্তৰ পৰা এটা কথা নিশ্চিত হৈছে যে তেওঁলোক সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ।

আৰু পঢ়ক : মানচেষ্টাৰ ইউনাইটেডৰ ষ্টাৰ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে ৰচিলে ইতিহাস