20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিজৰ দেশতেই বন্ধক ডুবাইৰ ৰাজকুমাৰী, প্ৰস্বাৱগাৰৰ ভিতৰৰ পৰা দিলে ভিডিঅ

    তেলৰ নগৰী ডুবাইৰ ৰাজকুমাৰী লতীফা নিজৰ দেশতেই বন্ধক। বহু দিন ধৰি সন্ধানহীন হৈ আছে লতীফা। পিছে, সদ্যহতে প্ৰস্বাৱগাৰৰ ভিতৰৰ পৰা দিয়া এক ভিডিঅত প্ৰকাশ পাইছে যে ৰাজকুমাৰীগৰাকী নিজৰ দেশতেই বন্ধক হৈ আছে।

    ২০১৮ চনত ডুবাইৰ পৰা পলাবলৈয়ো চাইছিল লতীফা। কিন্তু বিফল হৈছিল সেই পৰিকল্পনা। পিছে সদ্যহতে সদৰি হোৱা ভিডিঅত দেখা অনুসৰি ৩৫ বৰ্ষীয় ৰাজকুমাৰীগৰাকীয়ে জনোৱা অনুসৰি তাইক বন্ধক বনাই লোৱা হৈছে।

    ৰাজকুমাৰী লতীফাক এক বিলাসী অট্টালিকাত ৰখা হৈছে। যি অট্টালিকা বৰ্তমান এক কাৰাগাৰ ৰূপে ব্যৱহাৰ কৰা হৈছে। সেই অট্টালিকাৰ কোনো এখন দৰ্জা দূৰৰ কথা কোনো এখন খিৰিকি খুলিবলৈয়ো অসক্ষম ৰাজকুমাৰী লতীফা।

    লতীফাক দিনে নিশাই নজৰত ৰখিবলৈ ৩০ গৰাকী আৰক্ষী বিষয়াও নিয়োজিত হৈ আছে। লতীফাক কেৱল নিজৰ কোঠাৰ পৰা পাকঘৰলৈ যোৱাৰ বাবেহে অনুমতি আছে। বহু দিন ধৰি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকাৰ ফলত শৰীৰ হালধীয়া হৈ পৰা বুলি ৰাজকুমাৰীৰ এগৰাকী বান্ধৱীৰ অভিযোগ।

    উল্লেখ্য যে, ৰাজকুমাৰীগৰাকী কিছু মানসিক ভাৱে দুৰ্ৱল বুলি পৰিলায়ৰ লোকে কৈ সুৰক্ষাৰ বাবেই এনদৰ ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখা বুলি জনোৱাৰ বিপৰীতে ৰাজকুমাৰী গৰাকীৰ দাবী তেওঁ সম্পূৰ্ণ সুস্থ।

    আৰু পঢ়ক : ৫০০ টকাকৈ হাজিৰা দি সভাত মানুহ অনাৰ অভিযোগ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং