সীমাহীন আনন্দ; আৰ্জেণ্টিনাক পৰাস্ত কৰা ছৌদি আৰবৰ খেলুৱৈক ৰ’লছ ৰয়েচ উপহাৰ

0
5226

কাটাৰৰ লুছাইল ষ্টেডিয়ামত ছৌদি আৰবে দুবাৰৰ বিশ্বকাপ চেম্পিয়ন আৰ্জেণ্টিনাৰ বিৰুদ্ধে ২-১ গ’লত জয়লাভ কৰাটোৱেই আছিল এইবাৰৰ বিশ্বকাপৰ অন্যতম আশ্বৰ্যকৰ খবৰ।

বহু লোকে আৰ্জেণ্টিনাৰ পৰাজয়ক বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অঘটন বুলিও অভিহিত কৰিছে।

বিশ্ব ৰেংকিঙত আৰ্জেণ্টিনা আৰু ছৌদি আৰৱৰ মাজত ৪৮টা স্থানৰ ব্যৱধান। সেয়ে সকলোৱে আশা কৰিছিল যে ফুটবল কিংবদন্তি লিয়নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনাই সহজেই ছৌদি আৰবক পৰাস্ত কৰিব।

ছৌদি আৰৱৰ লগত মুখামুখি হোৱাৰ পূৰ্বে তিনি বছৰ ধৰি অপৰাজিত হৈ থকা আৰ্জেণ্টিনা হৈছে চলিত বিশ্বকাপ জয়ৰ অন্যতম দাবীদাৰ দল।

মেছি নেতৃত্বাধীন আৰ্জেণ্টিনাক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ দিনৰে পৰা সীমা নোহোৱা আনন্দ উল্লাস চলি আছে ছৌদি আৰৱত। ব্ৰিটেইনস্থিত এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ছৌদি আৰৱৰ প্ৰত্যেকগৰাকী খেলুৱৈকে দেশখনৰ ৰাজকীয় পৰিয়ালে এখনকৈ ৰ’লছ ৰয়েচ উপহাৰ দিব।

জানিব পৰা অনুসৰি, কাটাৰৰ পৰা উভতি অহাৰ পিছচে ৰাজকুমাৰ মহম্মদ বিন ছালমান আল ছাউদে প্ৰতিজন খেলুৱৈক ৬ মিলিয়ন আৰএমৰ ৰ’লছ ৰয়েচ ফেণ্টম উপহাৰ দিব।

উল্লেখ্য যে আৰ্জেণ্টিনাক পৰাস্ত কৰাৰ পিছৰে পৰা ছৌদি আৰৱত চৰকাৰ প্ৰশাসনৰ লগতে সাধাৰণ জনতা আনন্দ উল্লাসত আত্মহাৰা হৈ পৰিছিল। জয়ৰ আনন্দত দেশখনত এদিনৰ বাবে বন্ধৰ ঘোষণাও কৰিছিল।