
চৌদি আৰৱত নিষিদ্ধ কৰা হৈছে ইছলামিক সংগঠন তাবলিঘী জামাতক।
চৌদি আৰৱত তাবলিঘী জামাতক নিষিদ্ধ কৰি ইয়াক সন্ত্ৰাসবাদৰ বাটকটীয়া হিচাপে আখ্যা দিয়া হয়।
চৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে দেশখনৰ যিসকল মুছলমান লোকৰ তাবলিঘী জামাতৰ সৈতে সম্পৰ্ক আছে তেওঁলোকক সাৱধানবাণী শুনায়।
চৌদি আৰৱৰ ইছলামিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীয়ে দেশখনৰ মছজিদ সমূহক তাবলিঘী জামাতৰ দ্বাৰা বিপথে পৰিচালিত কৰা হয় আৰু আতংক বিয়পোৱা হয় বুলি জাননী প্ৰকাশ কৰিবলৈয়ো নিৰ্দেশ দিয়ে।
চৌদি আৰৱত তাবলিঘী জামাতক নিষিদ্ধ কৰাৰ পাছতে ভাৰতত ইয়াক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ভাৰতীয় জনতা পাৰ্টিৰ নেতা মংগল পাণ্ডে দেওবাৰে চৌদি আৰৱে তাবলিঘী জামাতক নিষিদ্ধ কৰাৰ সিদ্ধান্তক আদৰণি জনায়।
বিহাৰ বিজেপিৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বৰ্তমান সময়ত বিশ্ব শান্তিৰ বাবে সন্ত্ৰাসবাদৰ সৈতে জড়িত সকলো সংগঠন ভাঙি দিয়াৰ প্ৰয়োজন আহি পৰিছে বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে, ভাৰতত ক’ভিডৰ প্ৰথম সংক্ৰমণৰ সময়ত তাবলিঘী জামাত অতি চৰ্চিত হৈ পৰিছিল।়
মুম্বাইত বিভিন্ন দেশৰ প্ৰতিনিধিক লৈ সন্মিলন অনুষ্ঠিত কৰাৰ পাছতে দেশৰ বিভিন্ন স্থানত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাক লৈ গৰিহণাৰ সন্মুখিন হবলগীয়া হৈছিল তাবলিঘী জামাত।
আৰু পঢ়ক : সুদীৰ্ঘ ২১ বছৰৰ অন্তত মিছ য়ুনিভাৰ্ছৰ খিতাপ আজুৰি আনিলে ভাৰতৰ এইগৰাকী সুন্দৰী তনয়াই