মুছলমানক লৈ বিতৰ্কিত মন্তব্যৰ পাছতেই সত্যৰঞ্জনক গ্ৰেপ্তাৰৰ দাবী দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ

0
151
মুছলমানক লৈ বিতৰ্কিত মন্তব্যৰ

মুছলমানক লৈ বিতৰ্কিত মন্তব্যৰ পাছতেই সত্যৰঞ্জনক গ্ৰেপ্তাৰৰ দাবী দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ । আকৌ এবাৰ বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰিছে উগ্ৰ হিন্দুত্ববাদী বিজেপি নেতা সত্যৰঞ্জন বৰাই। বৃহস্পতিবাৰে মানকাচৰত উপস্থিত হয় বিতৰ্কিত উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা।

পশ্চিম অসমৰ মানকাচৰ সমষ্টিৰ অসম-মেঘালয় সীমান্তৰ কামাখ্যা মন্দিৰ দৰ্শন কৰি কেবাটাও বিস্ফোৰক মন্তব্য কৰে বিৰ্তক নেতাগৰাকীয়ে। সত্যৰঞ্জন বৰাই কয় যে, ‘গুৱাহাটী কামাখ্যা মন্দিৰত বহুত ভক্তৰ ভিৰ হয়। কিন্তু মানকাচৰৰ কামাখ্যা মন্দিৰত ভক্তৰত ভক্তৰ ভিৰ নাই।মানকাচৰত অসুৰ খেদি কামাখ্যা ভালকৈ প্ৰতিষ্ঠা কৰিব লাগিব। মানকাচৰত অসুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই মানকাচৰ কামাখ্যাৰ দুৰৱস্থাৰ সৃষ্টি হৈছে।’

সত্যৰঞ্জন বৰাই লগতে কয় যে, ‘মানকাচৰৰ কামাখ্যা মন্দিৰৰ কাষত আছে মিৰজুমলা কবৰস্থান। মিৰজুমলা হৈছে বিদেশী আক্ৰমণকাৰী। ইয়াক খেদিব লাগে। মুছলমান সকলৰ মছজিদৰ পৰা লাউড স্পীকাৰে ওলোৱা  শব্দই ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰে।’

আনহতে এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ হাতলৈ বিদেশৰ সন্ত্ৰাসবাদীৰ পৰা ধন আহে বুলিও আকৌ এবাৰ মন্তব্য কৰে উগ্ৰ হিন্দুত্ববাদী নেতাজন। আনহতে কোৰাণক বিশ্বাস কৰা সকলক অসুৰ বুলিও ভয়ংকৰ সাম্প্ৰদায়িক মন্তব্য কৰে বিজেপিৰ নেতাগৰাকীয়ে।

ইপিনে বিৰ্তকিত নেতা সত্যৰঞ্জন বৰাৰ এনে মন্তব্যৰ পিছত অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইছলামৰ ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ কোৰানাক লৈ কৰা এনে মন্তব্য কোনো সুস্থ মানুহে ক’ব নোৱাৰে বুলি একাংশই মত ব্যক্ত কৰাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্বৰীফুল ইললাম প্ৰধানীয়ে বিতৰ্কিত নেতা গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

কোনো কালেই দক্ষিণ শালমাৰা মানকাচৰ জিলাত হিন্দু মুছলমান সকলৰ মাজত কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাৰ লগতে হিন্দু মুছলমান সকলৰ মিলন ভূমি বুলি কলে এই জিলা খন অন্যতম।

প্ৰায় ৯০ শতাংশ ধৰ্মীয় সংখ্যালঘূ প্ৰধান জিলা খনত হিন্দু মুছলমানকে ধৰি সকলো ধৰ্মৰ লোকৰ মাজত থকা শান্তি শৃংখলাৰ নিদৰ্শন হয়তো আন জিলাত পোৱাটো সহজ নহব। অথচ এই জিলাখনত থকা কামাখ্যা পৰিদৰ্শন কৰিবলৈ আহি বিজেপিৰ অন্যতম বিতৰ্কিত নেতা গৰাকী মুছলমান সকলক উদ্দেশ্যি যি সাম্প্ৰদায়িক মন্তব্য কৰিলে তাৰ বাবে নেতা গৰাকীক গ্ৰেপ্তাৰৰ দাবী জনাইছে ভিন্ন মহলে।

আৰু পঢ়ক : অসমত প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ বৈঠক, অনুপ্ৰৱেশৰ সন্দৰ্ভত মতভেদ