29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    যি হিন্দুই নিজকে হিন্দু বুলি কব ভয় কৰে সেইবোৰে শৰীৰৰ অংগ কাটি লুঙী টুপী পিন্ধক: সত্যৰঞ্জন বৰা

    সঘনাই বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ পুনৰ এক অভৱ্য মন্তব্য। যি বোৰ হিন্দু লোকে নিজকে হিন্দু বুলি কব ভয় কৰে সেইবোৰে শৰীৰৰ অংগ কাটি লুঙী টুপী পিন্ধক বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। এই অভৱ্য মন্তব্য কৰে ধুবুৰীত।

    ধুবুৰীত সংবাদমেল যোগে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই আগবঢ়ায় এই মন্তব্য। শেহতীয়াকৈ সাম্প্ৰদায়িক মন্তব্যৰ শীৰ্ষত থকা এইগৰাকী সত্যৰঞ্জন বৰাই এইবাৰ হিন্দু সকলক উদ্দেশ্যে কৰি কয় বিতৰ্কিত কথা।

    উল্লখ্য যে, যোৱা নিশা ধুবুৰীত উপস্থিত হৈছিল বিতৰ্কিত মন্তব্যৰ শীৰ্ষত থকা ব্যক্তি সত্যৰঞ্জন বৰা । পুৱা ধুবুৰীৰ কেইবাটাও ধৰ্মীয় অনুষ্ঠান পৰিদৰ্শন কৰে । আৰু তাৰ পিছতে এক সংবাদমেলৰ আয়োজন কৰে।

    সংবাদমেলৰ আৰম্ভণিতেই কয় যে, ধুবুৰীত তেওঁ পুৱাই উঠি আজানৰ শব্দ শুনিছে । যিটো হিন্দুসকলৰ বাবে ভৱিষ্যত অতিকে ভয়াবহ বুলি মন্ত্বয কৰে। লগতে নিজকে হিন্দু সকলক একত্ৰিত কৰাৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলিও কয় ।

    লগতে ইয়াকো কয় যে, ধুবুৰীত হেনো এনে কিছুমান মানুহ আছে যাৰ অনুষ্ঠানত সন্ত্ৰাসবাদীৰ পৰা ধন আহে জেহাদী কাৰ্যকলাপ মৌলবাদী কাৰ্যকলাপ অনুষ্ঠিত কৰাৰ বাবে ।

    প্ৰয়োজনত ধুবুৰীৰ পৰাও বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে সত্যৰঞ্জন বৰাই।

    Input Credit: Aminur Ahmed

    আৰু পঢ়ক : কালে মাতিছিল বনভোজলৈ, বনভোজ খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে আকাংক্ষ্যাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং