৬৭ বছৰ বয়সত সতীশ কৌশিকৰ অকাল বিয়োগ! অনুপম খেৰৰ শ্ৰদ্ধাঞ্জলি- ‘কেতিয়াও ভবা নাছিলো যে মই আপোনাৰ বিষয়ে এইখিনি লিখিম…

0
1561

৬৭ বছৰ বয়সত সতীশ কৌশিকৰ অকাল বিয়োগ! অনুপম খেৰৰ শ্ৰদ্ধাঞ্জলি- ‘কেতিয়াও ভবা নাছিলো যে মই আপোনাৰ বিষয়ে এইখিনি লিখিম…

‘বলীউডৰ প্ৰবীণ অভিনেতা সতীশ কৌশিকৰ ৬৭ বছৰ বয়সত মৃত্যু হৈছে।মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও তেওঁৰ বন্ধু অনুপম খেৰে টুইটাৰযোগে এই খবৰ নিশ্চিত কৰিছে।

তেওঁ লিখিছে, “মই জানো “মৃত্যু এই পৃথিৱীৰ চূড়ান্ত সত্য!”কিন্তু মই সপোনতো ভবা নাছিলো যে মই জীয়াই থকা অৱস্থাত মোৰ প্ৰিয় বন্ধু সতীশকৌশিকৰ বিষয়ে এই কথাটো লিখিম !! তোমাৰ অবিহনে জীৱন কেতিয়াও আগৰ দৰে নহ’ব ওম শান্তি!”

মৃত্যুৰ দুদিন পূৰ্বে সতীশে জাভেদ আখতাৰৰ ঘৰত হোলী উদযাপন কৰিছিল। আনকি ফটোও তেওঁ টুইটাৰত শ্বেয়াৰ কৰিছিল।

১৯৫৬ চনৰ ১৩ এপ্ৰিলত জন্মগ্ৰহণ কৰা সতীশ চন্দ্ৰ কৌশিক আছিল এজন অভিনেতা, পৰিচালক, প্ৰযোজক, কমেডিয়ান আৰু চিত্ৰনাট্যকাৰ।

কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তেখেত ভাৰতীয় নেচনেল স্কুল অৱ ড্ৰামা এণ্ড ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰ আছিল।

ৰাম লখান, সাজন চালে সসুৰাল, জানে ভি দো ইয়াৰো আদি ছবিত অভিনয় কৰি শেখৰ কাপুৰৰ মিষ্টাৰ ইণ্ডিয়াত কেলেণ্ডাৰৰ চৰিত্ৰত অভিনয় কৰি ঘৰুৱা নাম হৈ পৰিছে।