ৰাজ্যত কঠোৰ হৈছে আইনী ব্যৱস্থা। এইবাৰৰ পৰা ৰাজ্যত কোনোৱে নাৰী মৰ্যদাৰ ওপৰত হাতি দিলেই অতি কম দিনৰ ভিতৰতে জেল হাজোতলৈ যাব লাগিব, লগতে ওলমিব লাগিব ফাঁচীকাঠত।
শেহতীয়াকৈ ১০ ফেব্ৰুৱাৰীত হোজাই জিলাৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে চন্দন হৰিজনক মৃত্যুদণ্ড বিহাৰ পাছতে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
“হোজাইৰ ধৰ্ষণকাৰী চন্দন হৰিজনৰ ফাঁচিৰ নিৰ্দেশ আহিল এবছৰৰ ভিতৰত। নাৰীৰ মৰ্যদা হানি কৰিলেই ফাঁচীকাঠত ওলমিব লাগিব ।”
২০২০ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত এগৰাকী ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰিছিল চন্দন হৰিজন নামৰ এজন লোকে। তাৰ পিছতে হোজাই আৰক্ষী থানাত ১৬৪/২০ নম্বৰত এটা গোচৰ ৰুজু হৈছিল।
আৰু পঢ়ক : ৰাজনীতিত প্ৰৱেশ ক্ৰিকেটাৰ মনোজ তিৱাৰীৰ, বুধবাৰে যোগ দিব এইটো দলত