23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    লুৰীণ জ্যোতি গগৈৰ বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দুলু গগৈলৈ শ্ৰদ্ধাঞ্জলি

    মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিশিষ্ট সমাজকৰ্মী, ধৰ্মপ্ৰাণ মহিলা তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ তিনিচুকীয়া জিলাৰ মৰাণকাৰী গাঁওস্থিত বাসগৃহলৈ গৈ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

    মুখ্যমন্ত্ৰী সোণোৱালে প্ৰয়াত দুলু গগৈৰ পৰিয়ালৰ সদস্য-সদস্যাসকলৰ সৈতে মত-বিনিময় কৰি সমবেদনা জ্ঞাপন কৰে।

    মুখ্যমন্ত্ৰীৰ উপৰি আজি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তইও লুৰীণ জ্যোতি গগৈৰ বাসগৃহলৈ গৈ প্ৰয়াত দুলু গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞপন কৰে।

    উল্লেখ্য যে যোৱা ৩১ মাৰ্চৰ নিশা ১০.৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে লুৰীণজ্যোতি গগৈৰ মাতৃয়ে।

    আৰু পঢ়ক : স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRA-ৰ হাতত বিধ্বস্ত বিজেপি মিত্ৰজোঁট

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং