ৰাজ্যবাসীৰ বাবে সুখবৰ ! অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

0
4041

ৰাজ্যবাসীৰ বাবে সুখবৰ ! অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

ঘোষণা কৰা হ’ল ২০১৯, ২০২০, ২০২১ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা।অসমৰ কেইবাগৰাকী শিল্পীলৈ আগবঢ়োৱা হৈছে এই সন্মান। দেশৰ ১২৮ গৰাকী বিশিষ্ট শিল্পীলৈ আগবঢ়োৱা হৈছে এই বঁটা । ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ কেইবাগৰাকী লোকশিল্পী।

দুটা শাখাত অসমৰ ১০ জন শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। ইফালে সংগীত নাটক একাডেমী অমৃত বঁটাও ঘোষণা কৰা হৈছে। অসমৰ ৫ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী অমৃত বঁটাও আগবঢ়োৱা হৈছে।

সত্ৰীয়া নৃত্যত হৰি বৰা বৰবায়ন, ভায়লিনত মিনতি খাউণ্ড,ব্যাসৰ ওজাপালিৰ ওজাশিল্পী ধৰ্মেশ্বৰ নাথ,সত্ৰীয়া ওজাপালিত গুৰু প্ৰসাদ ওজা, লোকসংগীতৰ বাবে মাখন চন্দ্ৰ বৰালৈ এই বঁটা ঘোষণা কৰা হৈছে। আনহাতে অসমৰ ৫ গৰাকী শিল্পীলৈ বিগত ৩ বছৰৰ সংগীত নাটক একাদেমী বঁটা আগবঢ়োৱা হৈছে।

সত্ৰীয়া নৃত্যৰ বাবে ৰঞ্জুমণি শইকীয়া, নাট পৰিচালনাৰ বাবে অবিনাশ শৰ্মা, অভিনয়ৰ বাবে প্ৰাঞ্জল শইকীয়া, লোকসংগীত-নৃত্যৰ বাবে প্ৰসন্ন গগৈ, অংকীয়া ভাওনাৰ বাবে গুণীন্দ্ৰ নাথ ওজা, নৃত্যশিল্পী ত্ৰিলোচন মহন্ত, সত্ৰীয়া নৃত্যত জলিমণি শইকীয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে।