33 C
Guwahati
Monday, September 26, 2022
More

    ‘তোমাৰ কাম ভাল কিন্তু শৰীৰটো ঠিক নহয়, বুকু ডাঙৰ কৰি লোৱা’ অভিনয় কৰিবলৈ গৈ এনে পৰামৰ্শ পাইছিল ছবি নিৰ্মাতাৰ

    ‘তোমাৰ কাম ভাল কিন্তু শৰীৰটো ঠিক নহয়, বুকু ডাঙৰ কৰি লোৱা’ অভিনয় কৰিবলৈ গৈ এনে পৰামৰ্শ পাইছিল ছবি নিৰ্মাতাৰ

    শৰীৰক লৈ প্ৰায়ে বহু অভিনেত্ৰী হাৰাশাস্তিৰ সন্মুখিন হয়। ভাল কাম কৰিলেও কেতিয়াবা শৰীৰৰ অবয়বৰ বাবে পিছ পৰি ৰব লগা হয়। তেনেই পৰিস্থিতিৰ সন্মুখিন হৈছিল বলীউডৰ এগৰাকী চৰিত্ৰঅভিনেত্ৰী সন্ধ্যা মৃদুলে।

    সদ্যহতে সামাজিক মাধ্যমত এক পোষ্ট কৰি এই বিষয়ে সদৰি কৰে অভিনেত্ৰীগৰাকীয়ে। এবাৰ দুবাৰ নহয় কেইবাবাৰো বডীশ্বেমীঙৰ বলী হৈছে সন্ধ্যা। কিন্তু কোনোদিনে অন্য ৰকথা শুনি কোনো সালসলনি নকৰিলে শৰীৰৰ ।

    প্ৰায়ে ছবি নিৰ্মাতাৰ পৰা মন্তব্য পাইছিল, কাম ভাল কিন্তু শৰীৰ আকৰ্ষণীয় নহয়। সেয়ে বুকু ডাঙৰ পৰা পৰামৰ্শ পাইছিল। কিন্তু তথাপি কোনোদিনে ব্ৰেষ্ট ইনপ্লাণ্ট নকৰালে সন্ধ্যাই।

    ওলোটাই ছবি নিৰ্মাতাক কলে ব্ৰেষ্ট ইনপ্লাণ্ট কৰি বুকু ডাঙৰ কৰাৰ সলনি চিন্তা ধাৰা সলনি কৰাৰ বাবে কৈছিল। সন্ধ্যাই পোনচাটেই নাকচ কৰিছিল ব্ৰেষ্ট ইনপ্লাণ্ডৰ কথা।

    ছবি নিৰ্মাতাক কৈছিল- ‘মই কোনোদিনো কাৰোৰে বাবে নিজৰ শৰীৰ সলনি নকৰো। আজি কব বুকু ডাঙৰ কৰা কালিলৈ কব নাক ঠিক কৰা তাৰ পাছত আৰু কিবা সমস্য়া, মই তেনে একো নকৰো’

    কোনো ছবি নিৰ্মাতাই আকৌ সন্ধ্যাৰ বুকুই নাই বুলি মন্তব্য কৰি দিছিল। কোনোজনে আকৌ এই সমস্যাৰ বিষয়ে কওতে সন্ধ্যাই ব্ৰেষ্ট পেড ব্যৱহাৰ কৰি লব বুলি কৈছিল।

    সেই মতেই দুখনকৈ ছবিৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত ব্ৰেষ্ট পেড পৰিধান কৰি অভিনয় কৰিছিল সন্ধ্যাই। সেই ছবি দুখন হৈছে- ২০০৫ৰ পেজ ৩ আৰু ২০১৪ৰ ৰাগিনী এম এম এছ ২।

    ইয়াৰ বাহিৰেও অন্য বহু ছবিটো কাম কৰিছে সন্ধ্যাই কিন্তু অন্য কেউখন ছবিতে নিজৰ প্ৰকৃশ শৰীৰৰ সৈতেই কাম কৰিছে সন্ধ্য়া মৃদুলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং