‘বিবেকে’ দিলে উত্তৰৰ সন্ধান! সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘোষণা, ”মই আছুৰ উপদেষ্টা হৈ থাকিম”

0
104
ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই স্পষ্ট কৰিব নোৱাৰিব আছুৰ স্থিতি
ফাইল ফটো

অৱশেষত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ল। সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতিখনে শপতগ্ৰহণ কৰিলে। জল্পনা-কল্পনাৰ অন্ত পেলাই পুনৰবাৰ আছুৰ উপদেষ্টা পদত থকাৰ কথা ঘোষণা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ৩ দশক ধৰি কাৰ্যনিৰ্বাহ কৰি থকা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

সোমবাৰে আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত নেতাগৰাকীয়ে সংবাদমাধ্যমৰে হোৱা সাক্ষাতকাৰত তেওঁ আছুতে থকাৰ কথা নিশ্চিত কৰিছে। সোমবাৰে নেতাগৰাকীয়ে মই আছুৰ উপদেষ্টা হৈ থাকিম বুলি ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁ দুলীয়াজানৰ অধিৱেশনলৈ আছু ত্যাগ কৰাৰ বাবে যোৱা বুলি ঘোষণা কৰিছিল।

দুলীয়াজানত নেতাগৰাকীয়ে আছু ত্যাগ কৰাৰ কথা কোৱালৈকে সকলো ঠিকেই আছিল। পিছে যেতিয়া তেখেতে সংগঠনৰ পৰা অৱসৰ লোৱাৰ কথা কৈছিল তেতিয়াই সতীৰ্থসকলৰ মাজত আৱেগিক পৰিৱেশে বিৰাজ কৰিছিল। চৌদিশে কেৱল হুলস্থুল শুনিবলৈ পোৱা গৈছিল। আছু ত্যাগ নকৰিবলৈ নেতাগৰাকীক আহ্বান জনাই উপস্থিতৰ অধিকাংশই দিছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য জিন্দাবাদ ধ্বনি। আৱেগিক ভট্টাচাৰ্যই সকলোকে আহ্বান জনাইছিল, ”মোক কবলৈ দিয়ক মনৰ কথাবোৰ।”

তাৰ পিছতে সাংবাদিকৰে হোৱা সাক্ষৎকাৰত নেতাগৰাকীয়ে কয়, ”প্ৰতিনিধিসকলৰ পৰা কেৱল মই এটা অনুমতি বিচাৰিলো। মোৰ বিবেকৰ লগত কথা পতাৰ প্ৰয়োজন হৈছে। গতিকে বিবেকৰ লগত কথা পাতিবলৈ অলপ সময়ৰ প্ৰয়োজন হৈছে। গতিকে বিবেকৰ লগত কথা পাতিবলৈ মোক সময়খিনি দিবলৈ সময় দিবলৈ অনুৰোধ কৰিলো। সেই অনুমতি লৈয়েই আজিৰ সভাখনত আহ্বান কৰিলো।”

বৰ্তমান ‘বিবেকৰ’ সৈতে কথা পতাৰ অন্তত নেতাগৰাকী আছুত থকাটো নিশ্চিত হৈছে। আনহাতে একে সময়তে আছুৰ গুৰু্ত্বপূৰ্ণ বিষয়বাব ত্যাগ কৰিছে পূৰ্বৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। উল্লেখ্য যে, গগৈয়ে আছু ত্যাগ কৰাৰ সময়ত নতুনক নেতৃত্ব দিয়াত গুৰুত্ব আৰোপ কৰা বুলি সদৰি কৰিছিল। তেনে স্থলত ভট্টাচাৰ্যৰ দৰে নেতাগৰাকীয়ে আছু ত্যাগ কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰা বিষয়টো বিভিন্ন লোকৰ মাজত চৰ্চিত হৈছে।