33 C
Guwahati
Wednesday, September 28, 2022
More

    বিদ্যালয়ৰ পৰা উভতাৰ পথতে এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চামুৱেল কেৰ্কেটাৰ…

    বিদ্যালয়ৰ পৰা উভতাৰ পথতে এগৰাকী ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চামুৱেল কেৰ্কেটাৰ…শোণিতপুৰ জিলাৰ হেলেমত সংঘটিত হৈছে এই ঘটনা।

    হেলেমত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ। ঘটনাৰ পাছতে ৰঙাঘৰৰ আলহী হল লম্পট চামুৱেল।

    হেলেম চাহবাগিছাৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক বলপূৰ্বক ধৰ্ষণৰ অপচেষ্টা এগৰাকী ২৪ বছৰীয়া লম্পটৰ।

    উল্লেখ্য যে হেলেম চাহবাগিছাৰ ৭ নং লাইনৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত ১৪ বছৰীয়া ছাত্ৰী গৰাকীয়ে বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ উভতি অহাৰ পথতে চামুৱেলে এই কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলায় বুলি অভিযোগ ছাত্ৰীৰ।

    ঘৰলৈ উভতি আহি থকা অৱস্থাত ছাত্ৰীগৰাকীৰ পিছা কৰি একেখন চাহবাগিছাৰ ৪ নং লাইনৰ চামুৱেল কেৰ্কেটা (২৪) নামৰ লম্পটে।

    ছাত্ৰীগৰাকীক সেই সময়ত অকলশৰে পাই চাহ বাগিছাৰ মাজলৈ টানি নি ধৰ্ষণৰ চেষ্টা চলাই যদিও ছাত্ৰী গৰাকীয়ে কোনো মতে পলাই সাৰিবলৈ সক্ষম হয়।

    ঘৰত পিতৃক সমগ্ৰ কথা অৱগত কৰাৰ পাছত পৰিয়ালৰ লোকে হেলেম থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে হেলেম আৰক্ষীয়ে লম্পট চামুৱেলক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

    Input and Photo – Mahendra Pagag

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং