নিউয়ৰ্কত চুৰিকাঘাত প্ৰখ্যাত লেখক ছলমান ৰুশ্বডিক, বৰ্তমানে ভেণ্টিলেটৰত, আক্ৰমণৰ ফলত চকু হেৰুৱাব পাৰে ৰুশ্বডিয়ে

0
441

নিউয়ৰ্কত চুৰিকাঘাত প্ৰখ্যাত লেখক ছলমান ৰুশ্বডিক, বৰ্তমানে ভেণ্টিলেটৰত, আক্ৰমণৰ ফলত চকু হেৰুৱাব পাৰে ৰুশ্বডিয়ে। অৱস্থা সংকটজনক বুলি সদৰি কৰিছে চিকিৎসকৰ দলে।

ইছলাম ধৰ্মৰ ধৰ্মগ্ৰন্থ কোৰাণ সম্পৰ্কে কৰা মন্তব্যৰ বাবে ৰুশ্বডি কেইবাবাৰো হত্যাৰ ভাবুকিৰ সন্মুখীন হৈছিল। ইৰাণে মুছলমানসকলক ৰুশ্বডিৰ লিখনিৰ বাবে তেখেতক হত্যা কৰিবলৈ আহ্বান জনাইছিল।

যাৰ বাবে বহু বছৰ আত্মগোপন কৰি থকা ভাৰতীয় বংশোদ্ভৱ ঔপন্যাসিক ছলমান ৰুশ্বডিক শুকুৰবাৰে নিউয়ৰ্কত এক অনুষ্ঠানত মঞ্চতে আক্ৰমণ কৰে এক দুৰ্বৃত্তই।

অনুষ্ঠানটোত বক্তৃতা দিয়াৰ বাবে থিয় হোৱাৰ সময়তে দৰ্শকৰ মাজৰ পৰা মঞ্চলৈ উঠি অহা এজন ব্যক্তিয়ে চুৰিৰে আক্ৰমণ কৰাৰ লগতে প্ৰহাৰো কৰে। ততাতৈয়াকৈ আৰক্ষীয়ে বিমানেৰে চিকিৎসালয়লৈ লৈ যায় ৰুশ্বডিক।

কেইবা ঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত, ৰুশ্বডি বৰ্তমানে ভেণ্টিলেটৰত। চুৰিৰে আঘাট কৰাৰ ফলত বাহুৰ স্নায়ু চিঙি গৈছে। লগতে চিকিৎসকৰ ফালৰ পৰা জানিব পৰা মতে, সম্ভৱত এটা চকু হেৰুৱাব পাৰে ৰুশ্বডিয়ে।

ৰুশ্বডিক আক্ৰমণ কৰোতাক অনুষ্ঠানতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আটক হোৱাজন নিউজাৰ্চীৰ ফেয়াৰভিউৰ এজন ২৪ বছৰীয়া যুৱক হাদি মাটাৰ বুলি চিনাক্ত।

উল্লেখ্য যে, বোম্বে বৰ্তমানৰ মুম্বাইত এটা কাশ্মীৰী মুছলমান পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰুশ্বডিয়ে পাছলৈ আমেৰিকাত বাস কৰিবলৈ ধৰে। সেই ৰুশ্বডিয়ে তেখেতৰ চতুৰ্থ খন উপন্যাস “দ্য ছেটানিক ভাৰ্চেছ”ৰ বাবে মৃত্যুৰ ভাবুকিৰ সন্মুখীন হৈছিল।

উপন্যাসখনত ইছলাম ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰা বুলি ভাবুকি লাভ কৰিছিল লেখক ৰুশ্বডিয়ে। ১৯৮৮ চনত প্ৰকাশ পোৱা উপন্যাসখন পাছলৈ মুছলমান অধ্যুষিত বহুতো দেশত নিষিদ্ধ কৰা হৈছিল।