28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰথম দিনটোতেই ছলমান খানৰ ছবি ‘ৰাধে’ আয় কৰিলে ১০৮ কোটি টকা…

    প্ৰথম দিনটোতেই ছলমান খানৰ ছবি ‘ৰাধে’ আয় কৰিলে ১০৮ কোটি টকা – কালি মুক্তি লাভ কৰিছে ছলমান খানৰ ছবি ৰাধে। ঈদৰ সময়ত মুক্তি লাভ কৰা ৰাধে;ইউৰ মোষ্ট ৱান্টেড ভাই নামৰ ছবিখনে এক নতুন ৰেকৰ্ড গঢ়িলে।

    জানিব পৰা মতে ৰাধে নামৰ ছবিখনে মুক্তি লাভৰ প্ৰথম দিনাই প্ৰায় ১০৮ কোটি টকা আয় কৰিছে। উল্লেখ্য যে চলমান খানৰ এইখনে প্ৰথম ছবি যিয়ে দেশত মুক্তি লাভৰ প্ৰথম দিনাই ইমান আয় কৰিছে।

    কৰ’ণাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ ছলমান খানৰ ছবি অটিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে। ছবি মুক্তি লাভ কৰা প্লেটফৰ্ম Zee5 ৰ জ্যেষ্ঠ বিষয়া মনিশ কালৰাই কয় যে ৰাধে মুক্তি লাভ কৰাৰ প্ৰথম দিনটোতেই প্ৰায় ৪২ লাখ লোকে এই ছবি উপভোগ কৰিছে। আনহাতে বিদেশত এই ছবিখন প্ৰায় ৪ কোটি লোকে উপভোগ কৰিছে।

    ছবিখনে ভাল আয় কৰিলেও ছবিখনৰ কাহিনী ভাল হোৱা নাই বুলি ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে। একাংশৰ মতে ছবিৰ কাহিনীৰ পৰা আৰম্ভ কৰি অভিনয়ো দৰ্শকে বিচৰা ধৰণে হোৱা নাই। এই ছবিখনত ৰণদ্বীপ হুদা আৰু দীচা পাটনীকো দেখিবলৈ পোৱা যায়।

    আৰু পঢ়ক : ৰাজপথৰ ওপৰত নাচি থকা এম্বুলেঞ্চ দেখি ভয়তে আৰক্ষীক খবৰ, পিছে দৰ্জা খুলি আৰক্ষী হতবাক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং