29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ছলমান খানৰ পৰিয়াল, ডুবাইত থাকে পত্নী নুৰ আৰু ১৭ বছৰীয়া কন্যা ! ছলমানে নিজেই দিলে এই বিষয়ত উত্তৰ

    অভিনেতা ছলমান খানৰ পত্নী আৰু এগৰাকী ১৭ বছৰীয়া কন্যা হেনো ডুবাইৰ বাসিন্দা। ছলমানৰ পত্নীৰ নাম নুৰ। যাৰ বিষয়ে ছলমানে হেনো ইমান বছৰে লুকুৱাই ৰাখিছে সকলোৰে পৰা। এই বিষয়ে ছলমান খানে নিজৰ মন্তব্যও দাঙি ধৰে।

    ছলমান ভাতৃ আৰবাজ খানৰ এক অনুষ্ঠান ‘পিঞ্চ’ৰ দ্বিতীয়টো ভাগ আৰম্ভ। এইবাৰৰ প্ৰথম আলহী হিচাপে থাকে ছলমান। তাতেই এগৰাকী ইউজাৰে ছলমানৰ পৰিয়াল সন্দৰ্ভত এইদৰে মন্তব্য কৰে। ছলমানে হেনো কোনেও নজনাকৈ পত্নী আৰু কন্যাৰ বিষয়ে লুকুৱাই ৰাখিছে।

    যাৰ উত্তৰত ছলমানে কয় যে, ছলমানতকৈয়ে ইউজাৰে অধিক জানে ছলমানৰ বিষয়ে। ভাল খবৰেই ৰাখিছে । লগতে ইয়াকো কয় য়ে, এই সকলো অদৰকাৰী কথা। শেষত কয় যে, ৯ বছৰ বয়সৰ পৰাই মুম্বাইৰ হিন্দুজা এপাৰ্টমেণ্টত পৰিয়ালৰ সৈতে বাস কৰি কৰি আছে।

    যি এপাৰ্টমেণ্টতে ওপৰ মহলাত পিতৃ থাকে, পৰিয়ালৰ অন্য সদস্য সকলো থাকে, তাতেই একেলগে ছলমানো থাকে। দেশৰ সকলোৱে জানে ছলমানে ক’ত থাকে, তেখেতৰ পৰিয়াল ক’ত থাকে।

    সেই একেটা অনুষ্ঠানতে আন এজন ইউজাৰে কয় য়ে, ছলমান খানৰ ফাৰ্ম হাউছ জিলা ঘোষণা কৰিব পাৰে। এই সন্দৰ্ভত ছলমানে কয় যে, সেই ফাৰ্ম হাউছ ছলমানৰ নহয়, ভগ্নী অৰ্পিতাৰ হে। লগতে পৰিয়ালৰ অন্য সদস্যৰ। লগতে তেওলোকৰ পৰিয়ালৰ সদস্য সংখ্যা ২৫০-৩০০ লোক আছে। গতিকে ইয়াক জিলা ঘোষণা কৰিব পাৰে।

    View this post on Instagram

    A post shared by Salman Khan (@beingsalmankhan)

    আৰু পঢ়ক : দেশৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ৰেডিঅ’ ঘোষিকা অনন্যা পেটেলৰ আত্মহত্যা, কোঠাৰ ভিতৰত ফাঁচী লগা অৱস্থাত উদ্ধাৰ মৃতদেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং