বন্দুকৰ লাইচেঞ্চৰ পাছত এইবাৰ বুলেটপ্ৰুফ বাহনো ক্ৰয় কৰিলে ছলমান খানে
গেংষ্টাৰৰ পৰা প্ৰাণে পৰাৰ ভাবুকি পোৱাৰ পাছৰে পৰা নিজৰ সুৰক্ষাক লৈ সষ্টম হৈ পৰিছে বলীউডৰ মোষ্ট ৱাণ্টেড মেন জনপ্ৰিয় অভিনেতা ছলমান খান। ভাবুকি ভৰা পত্ৰ লাভৰ পাছতে সুৰক্ষা বেষ্টনীয়ো কঠিন কৰি তুলিছে ছলমানৰ।
আনকি ছলমানে দাখিল কৰা সুৰক্ষাৰ বাবে অস্ত্ৰ ৰাখিব পৰা আবেদনতো অনুমোদন কৰিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই আৰক্ষীয়ে অস্ত্ৰ ৰাখিব পৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে।
এইবাৰ জানিব পৰা মতে, ছলমান খানে এখন বিশেষ বাহনো ক্ৰয় কৰিছে। নতুনকৈ ক্ৰয় কৰা বাহন খন বুলেট প্ৰুফ বুলি জানিব পৰা গৈছে।
কালি ১ আগষ্ট তাৰিখে নিশা মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছিল অভিনেতাগৰাকীক। তাতেই এখন বুলেটপ্ৰুফ ট’য়’টা লেণ্ড ক্ৰুজাৰ (Toyota Land Cruiser SUV) লৈ প্ৰৱেশ কৰে অভিনেতাগৰাকীয়ে।
এই বুলেটপ্ৰুফ বাহন খনৰ মূল্য ১.৫ কোটি টকা। এই এছ ইউ ভি চিৰিজত এইখনেই অকল মডেল পোৱা যায়, যি বুলেটপ্ৰুফ।
উল্লেখ্য যে, প্ৰাণে মৰাৰ ভাবুকি লাভৰ পাছতো ছলমানে সক্ৰিয়তাৰে অভিনয়ৰ কামেই হওক বা অন্য কামো সাধাৰণ ভাৱেই কৰি গৈছে।