সাহিত্য অকাডেমী বঁটা ঘোষণা- অসমীয়া আৰু বড়ো ভাষাত জিলিকিল ৬গৰাকী লোক

0
241
সাহিত্য অকাডেমী বঁটা ঘোষণা- অসমীয়া আৰু বড়ো ভাষাত জিলিকিল ৬গৰাকী লোক

সাহিত্য অকাডেমী বঁটা ঘোষণা- অসমীয়া আৰু বড়ো ভাষাত জিলিকিল অসমৰ ৬গৰাকী লোক। অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ, লগত বড়ো ভাষাত এই স্বীকৃতি স্বৰ্গীয় ধৰণীধৰ অৱাৰীলৈ।

‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ স্বীকৃতি সাহিত্য অকাডেমীৰ স্বীকৃতি, আৰু ‘গঠেনাই লামায়াও গডান আগান’ নামৰ চুটি গল্পৰ বাবে ধৰণীধৰ অৱাৰীলৈ মৰণোত্তৰ ভাৱে এই স্বীকৃতি।

সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে ‘মেঘ ঘৰা’ শীৰ্ষক কবিতাৰ বাবে অসমীয়াত দ্বীজেন দাস আৰু ‘আবৈ আবৌ আৰৌ আং’ শীৰ্ষক কবিতাৰ বাবে বড়ো ভাষাত নিউটন কুমাৰ বসুমতাৰীয়ে।

বাস সাহিত্য পুৰস্কাৰ লাভ কৰিছে অসমীয়া ভাষাত মাধুৰীমা ঘৰফলীয়াই , তেখেতৰ ‘ফছং’ নামৰ চুটি গল্পৰ বাবে । বড়ো ভাষাৰ ‘গথছা বিছম্বি’ ৰচনাৰ বাবে অজিত বড়োলৈ বাস সাহিত্য সন্মান।

আৰু পঢ়ক : প্ৰেমৰ বিৰল নিদৰ্শন! ১০ বছৰ ধৰি প্ৰতিদিনেই বিচাৰিছে সন্ধানহীন পত্নীক