26 C
Guwahati
Tuesday, September 27, 2022
More

    তিনিচুকীয়াৰ এটা ডেম্পত ওলাইছে বস্তাই বস্তাই গুলীৰ খালী কাৰ্টিজ

    ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়াৰ এটা ডেম্পত বস্তাই বস্তাই গুলীৰ খালি কাৰ্টিজ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    খালী কাৰ্টিজৰ উপৰি কেইবা জাইও সক্ৰিয় গুলী উদ্ধাৰ কৰে আৰক্ষীৰ অভিযানকাৰী দলে।

    উল্লেখ্য যে, ডেম্পটোত অবৈধভাৱে মজুত কৰি ৰাখিছিল গুলীৰ কাৰ্টিজ সমূহ।

    তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ নেতৃত্বত চলা আৰক্ষীৰ এই অভিযানত জব্দ হৈছে ১৯ বস্তা গুলীৰ খালী কাৰ্টিজ আৰু কেইবাটাও সক্ৰিয় গুলী।

    ইতিমধ্যে ডেম্পটোৰ স্বত্ত্বাধিকাৰী বিৰেন্দ্ৰ শ্বাহক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।

    সক্ৰিয় গুলী আৰু গুলীৰ খালি কাৰ্টিজ ডেম্পটোলৈ ক’ৰ পৰা আহিল আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

    ইয়াৰ উপৰি ডেম্পটোত অইলৰ চুৰি সামগ্ৰী, চুৰি মটৰ চাইকেল থকাৰ কথাও আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং