পুনৰ বেটেৰে যাদু দেখাবলৈ সাজু ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ

0
7670

ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ দ্বিতীয় ছিজনত ডিফেণ্ডিং চেম্পিয়ন ইণ্ডিয়া লিজেণ্ডছ দলক নেতৃত্ব দিব মহান বেটছমেন শচীন টেণ্ডুলকাৰে। বৃহস্পতিবাৰে আয়োজকসকলে এই কথা ঘোষণা কৰে।

১০ ছেপ্টেম্বৰৰ পৰা ২২ দিনলৈ চলিবলগীয়া এই প্ৰতিযোগিতাখন দেশৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ কানপুৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে দুয়োখন ছেমি ফাইনেল আৰু ফাইনেল মেচখন অনুষ্ঠিত হ’ব ৰায়পুৰত।

আন দুটা স্থান হ’ল ইণ্ডোৰ আৰু দেহৰাদুন। এইবাৰৰ টুৰ্ণামেণ্টত নিউজিলেণ্ড লিজেণ্ডছ দলেও অংশগ্ৰহণ কৰিব।

ভাৰত আৰু বিশ্বজুৰি পথ সুৰক্ষাৰ প্ৰতি সজাগতা অনাৰ মূল উদ্দেশ্যৰে খেলা এই প্ৰতিযোগিতাত ভাৰত আৰু নিউজিলেণ্ডৰ উপৰি অষ্ট্ৰেলিয়া, শ্ৰীলংকা, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা, বাংলাদেশ আৰু ইংলেণ্ডৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

এই প্ৰতিযোগিতাখনক ভাৰত চৰকাৰৰ পৰিবহন আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে সম্পূৰ্ণ সহযোগিতা প্ৰদান কৰিব।