সবৰিমালা বিতৰ্কঃ মহিলাৰ প্ৰৱেশৰ অনুমতিৰ সিদ্ধান্ত বৰ্তমান অব্যাহত থাকিব

আদালতে ২০১৮ৰ ২৮ ছেপ্টেম্বৰত ৪:১ বহুমতত মন্দিৰৰ ভিতৰত মহিলা প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল

0
3416
Photo credit: newsroompost.com

সবৰিমালা গোচৰৰ পুনৰীক্ষণ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ৭ জনীয়া সংবিধানপীঠলৈ গোচৰটো প্ৰেৰণ কৰিলে। বিচাৰপীঠে এই সিদ্ধান্ত ৩:২ অনুপাতত গ্ৰহণ কৰিলে যদিও আদালতে ক’লে যে অন্তিম সিদ্ধান্ত নোলোৱা পৰ্যন্ত পূৰ্বৰ আদেশে অব্যাহত থাকিব।

আদালতে ২০১৮ৰ ২৮ ছেপ্টেম্বৰত ৪:১ বহুমতত মন্দিৰৰ ভিতৰত মহিলা প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছিল। সিদ্ধান্তত ৫৬ পুনৰীক্ষণসহ ৬৫ আৱেদন দাখিল কৰিছিল। এই সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত আদালতে সিদ্ধান্ত সুৰক্ষিত ৰাখিছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৫জনীয়া বিচাৰপীঠে পুনৰীক্ষণ আবেদন দাখিল কৰিছিল। ন্যায়াধীশ ইন্দু আৰু ন্যায়াধীশ এএম খানবিলকৰে গোচৰটো ৭ জনীয়া বিচাৰপীঠক প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ন্যায়াধীশ ফলী নাৰিমন আৰু ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ে ইয়াৰ বিৰুদ্ধে ৰাখিলে পৃথক মত।

মুখ্য ন্যায়াধীশে ক’লে- এই গোচৰৰ প্ৰভাৱ কেবল মন্দিৰেই নহয়, মছজিদ আৰু পাৰ্চী মন্দিৰত মহিলাৰ প্ৰৱেশতো পৰিব। পৰম্পৰা ধৰ্মৰ সৰ্বোচ্চ সৰ্বসন্মত নিয়ম অনুসৰি হোৱা উচিত।