15 C
Guwahati
Saturday, January 22, 2022
More

    ইছৰোৰ নতুন মুৰব্বী হিচাপে এছ সোমনাথৰ নাম ঘোষণা

    ইছৰোৰ নতুন মুৰব্বী হিচাপে এছ সোমনাথৰ নাম ঘোষণা

    বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী নতুন মুৰব্বী হিচাপে নাম ঘোষণা কৰা হৈছে দেশৰ বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথৰ। বিশিষ্ট বিজ্ঞানী গৰাকীয়ে পৰৱৰ্তী সময়ত ইছৰোৰ মুৰব্বী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিব।

    এছ সোমনাথ ইছৰোৰ বৰ্তমানৰ মুৰব্বী কে শিৱানৰ স্থলাভিষিক্ত হ’ব। ১৪ জানুৱাৰিত ইছৰোৰ মুৰব্বী হিচাপে কে শিৱানৰ কাৰ্য্যকালৰ সামৰণি পৰিব।

    এছ সোমনাথে ২০১৮ চনৰ জানুৱাৰীৰ পৰা বিক্ৰম সৰাভাই মহাকাশ কেন্দ্ৰৰ নিৰ্দেশক হিচাপে দায়িত্বভাৰ পালন কৰি আছিল।

    ইণ্ডিয়ান ইষ্টিটিউট অফ চায়েন্স, বাংগালুৰুৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰা এছ সোমনাথে ১৯৮৫ চনত ইছৰোত যোগদান কৰিছিল। সোমনাথে পিএছএলভি আৰু জিএছএলজি প্ৰস্তুত কৰাৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

    এছ সোমনাথে ২০১০ চনৰ পৰা ২০১৪ চনলৈ ইছৰোত জিএছএলভি এমকে-তিনিৰ প্ৰজেক্ট নিৰ্দেশক হিচাপে কৰ্মৰত আছিল।

    বৰ্তমানৰ ইছৰোৰ মুৰব্বী শিৱানক আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ পাছতে এছ সোমনাথে দায়িত্বভাৰ গ্ৰহণ কৰে।

    আৰু পঢ়ক : বিহুৰ উছাহৰ মাজতে মহানগৰীত নৃশংস হত্যাকাণ্ড, স্বামী আৰু পৰিয়ালৰ লোকে হত্যা কৰিলে মহিলাক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং