ভাৰতৰ ওপৰত অধিক নিৰ্ভৰশীল হ’ব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, জানক কাৰণ

0
590
খাৰকিভ, মাৰিয়’পল... ইউক্ৰেইনৰ চহৰৰ নামেৰে পুটিনে আৰম্ভ কৰিলে বিজয় দিৱসৰ ভাষণ

অৰ্থনৈতিকভাৱে বিভিন্ন প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন অদূৰ ভৱিষ্যতে চীন আৰু ভাৰতৰ ওপৰত আৰু অধিক নিৰ্ভৰশীল হ’বলগীয়া হ’ব পাৰে।

ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি যদি ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ তেল নিষিদ্ধ কৰে তেন্তে ইউৰোপৰ অধিকাংশ দেশে ক্ৰয় কৰা ৰাছিয়াৰ খাৰুৱা তেলৰ বাবে এছিয়াত মুষ্টিমেয়হে ক্ৰেতা থাকিব।

উল্লেখ্য যে ইউৰোপৰ নেতাসকলে ৰাছিয়াৰ খাৰুৱা তেল আংশিকভাৱে নিষিদ্ধ কৰিবলৈ সন্মত হৈছে, যিটো সাগৰৰ দ্বাৰা ৰপ্তানি কৰা হয়।

ইয়াৰ ফলত ৰাছিয়াই বছৰত ৯.৩২ বিলিয়ন ইউৰো ৰপ্তানি ৰাজহ হেৰুৱাব বুলি ধাৰণা কৰা হৈছে।

যদি ধাৰণা কৰা অনুসৰি হয় তেন্তে ইউৰোপৰ জনপ্ৰিয় ৰাছিয়ান ক্ৰুড ব্ৰেণ্ড ইউৰালচ ক্ৰুডৰ বাবে নতুন ক্ৰেতাৰ প্ৰয়োজন হ’ব। কিন্তু এই তেলৰ ক্ৰেতা মুষ্টিমেয়।

কাৰণ শ্ৰীলংকা আৰু ইণ্ডোনেছিয়াৰ দৰে দেশত এই শ্ৰেণীৰ খাৰুৱা তেল বৃহৎ সংখ্যাত সহজে পৰিশোধিত কৰিব নোৱাৰি, কিয়নো এই দেশবোৰত অধিক ছালফিউৰিক প্ৰকাৰৰ তেল মিশ্ৰণ ক্ষমতা নাই।

কিন্তু চীন আৰু ভাৰতৰ হাতত আছে সংশোধন কৰাৰ এনে ক্ষমতা।

অৱশ্যে, চীন আৰু ভাৰতেও প্ৰকৃততে এটা পৰ্যায়লৈকেহে ৰাছিয়াৰ তেল ক্ৰয় কৰিব পৰাৰ সম্ভাৱনা আছে। কিয়নো, ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা ইউৰোপিয়ান দেশেসমূহৰ লগতে আমেৰিকাই ভাৰত-চীনক ৰাছিয়াৰ সৈতে সম্বন্ধ নাৰাখিবলৈ হেচা প্ৰয়োগ কৰি থকাৰ পিছতো অভিলেখ স্তৰত দুয়োখন দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে।