ৰাছিয়াৰ তেলত ‘প্ৰাইছ কেপ’ আৰোপ সন্দৰ্ভত পুটিন চৰকাৰৰ ডাঙৰ ঘোষণা, এই দেশবোৰক নিদিয়ে তেল!

0
105
ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ পৰা পদত্যাগ ৰাছিয়াৰ

ইউক্ৰেইনৰ লগত যুদ্ধ কৰি থকা ৰাছিয়াৰ তেলৰ ওপৰত প্ৰাইছ কেপ প্ৰযোজ্য কৰা সন্দৰ্ভত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে ডাঙৰ মন্তব্য কৰিছে। মন্ত্ৰালয়ে কয় যে পশ্চিমীয়া দেশসমূহে প্ৰাইছ কেপ প্ৰযোজ্য কৰা এই প্ৰস্তাৱ এণ্টি মাৰ্কেট তথা বজাৰৰ নিয়মাধীন নহয়।

এই প্ৰস্তাৱৰ প্ৰভাৱ তেল যোগানৰ ক্ষেত্ৰত পৰিব বুলি আশংকা কৰাৰ লগতে ই বিশ্ব শক্তি বজাৰৰ পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিব পাৰে।

ইফালে ৰাছিয়াৰ তৰফৰ পৰা আৰু এবাৰ স্পষ্ট কৰি দিয়া হৈছে যে যিসকল দেশে এই প্ৰাইছ কেপৰ সমৰ্থন কৰিব তেওঁলোকক তেল প্ৰদান কৰা নহ’ব।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই কয় যে ৰাছিয়াৰ তেলৰ মূল্যৰ ওপৰত প্ৰাইছ কেপ আৰোপ কৰাৰ এই প্ৰস্তাৱ কেৱল বজাৰৰ বিৰুদ্ধেই নহয়, ইয়াৰ বহু অসুবিধাও আছে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই আৰু কয় যে ৰাছিয়াই সেই সকলো দেশকে তেল বিক্ৰী নকৰে যিয়ে এই প্ৰস্তাৱৰ সমৰ্থনত থাকিব। মুখপাত্ৰগৰাকীয়ে কয় যে এই প্ৰস্তাৱ সম্পূৰ্ণ ৰাছিয়াৰ বিৰোধী।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ন’ভাকে কৈছিল যে যিমানেই লাভজনক নহওক কিয় প্ৰাইছ টেপক সমৰ্থন কৰা দেশবোৰক ৰাছিয়াই তেল বিক্ৰী নকৰে। বজাৰৰ পৰিস্থিতি অনুসৰি আমি আগবাঢ়ি যাম বুলিও কয় ন’ভাকে।

ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰখা ৰাছিয়াক এশিকনি দিয়াৰ লক্ষ্যৰেই আমেৰিকা প্ৰধান জি-৭ গোট আৰু ইউৰোপীয় সংঘই প্ৰাইছ টেপ আৰোপ কৰাৰ সিদ্ধান্ত লয়।