ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰতত বৃহৎ ক্ষতি, ২০ লাখ লোকৰ চাকৰি গভীৰ সংকটত

0
94

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰতত বৃহৎ ক্ষতি, ২০ লাখ লোকৰ চাকৰি গভীৰ সংকটত

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্বত প্ৰায় প্ৰতিখন দেখেই কম বেছি পৰিমাণে ক্ষতিৰ সন্মুখিন হৈছে। ঘেঁহুৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈকে, আকাশচুম্বী মূল্য বৃদ্ধি পাইছে। কিন্তু ভাৰতত এখন এনে চহৰ আছে য’ত চাকৰি হেৰুৱাইছে প্ৰায় ২০ লাখ মান লোকে।

হীৰাৰ চহৰ খ্যাত চহৰ খনৰ পৰা ‘হীৰাৰ’ উজ্জ্বলতা ধুলিত হেৰাই গৈছে এই যুদ্ধৰ পাছৰে পৰা। জীৱিকাৰ সংকটে দেখা দিছে চহৰখনত। চুৰাটৰ ‘হীৰা উদ্যোগ’ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ বাবে।

১০০ৰ অধিক দিন ধৰা চলি থকা এই যুদ্ধই এই চহৰখনত হীৰা পালিশ কৰোতাৰ কামত নিয়োজিত প্ৰায় ২০ লাখ হীৰা শিল্পীৰ জীৱিকাৰ সংকটৰ সৃষ্টি কৰিছে। বহু বছৰ বছৰ ধৰি হীৰাৰ সৈতেই জড়িত বহু লোকে চাকৰি হেৰুৱাই সংকটত পৰিছে।

চুৰাটৰ এটা হীৰা পলিছ কাৰখানাত কাম কৰা ৪৪ বছৰীয়া যোগেশ জানজামেৰাই কয় যে চহৰখনত এতিয়া পৰ্যাপ্ত কেঁচা হীৰা নাই। গতিকে তেওঁলোকৰ ওচৰত বেছি কাম নাই। ১৩ বছৰ বয়সত স্কুল এৰি যোগেশে হীৰা পালিশৰ কামত নিয়োজিত হৈছিল। তেতিয়াৰে পৰা একেটা কামকে কৰি আহিছিল। কিন্তু এতিয়া হাতত কৰিবলৈ কাম নাই।

তেনেদৰে অন্য বহুতেও হাতত কাম নোহোৱা হৈ পৰাত মহা চিন্তাত পৰিছে। ইতিমধ্যে প্ৰায় ১ লাখৰ ঘৰত লোকে চাকৰি হেৰুৱাইছে অন্য সকলৰ ওপৰত সংকটে দেখা দিছে। হাতত কাম নোহোৱাত এতিয়া ভৱিষ্যৰ অন্ধকাৰ হৈ পৰিছে এই লাখ লাখ হীৰা ব্য়ৱসায়ী সকলৰ।

৬০-৭০ দশকত সমগ্ৰ বিশ্বতে হীৰাৰ চহৰ (Dimond City) হিচাপে প্ৰসিদ্ধ হোৱা চুৰাটত সমগ্ৰ বিশ্বৰে প্ৰায় ৯০ শতাংশ হীৰা পলিছ কৰা হয়। সমগ্ৰ বিশ্বৰে ভিতৰত ৰাছিয়াৰ পৰা সবাতোকৈ অধিক হীৰা অনা হয় চুৰাটত কাম কৰাৰ বাবে।

মুঠৰ ভিতৰত কেঁচা হীৰাৰ ২৫ শতাংশই কেৱল ৰাছিয়াৰ পৰা আহে। আৰু পলিচৰ বাবে প্ৰায় ৬০ শতাংশ আহি ৰাছিয়াৰ পৰা। কিন্তু এতিয়া যুদ্ধৰ বাবে এই ৰাছিয়াই হীৰা প্ৰেৰণ কৰিব নোৱাৰাত এতিয়া চুৰাটত সংকটে দেখা দিছে।