১৫০ দিন সম্পূৰ্ণ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ

0
73
ফাইল ফটো

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আজি ১৫০ দিন সম্পূৰ্ণ কৰিলে। ইয়াৰ মাজতে শনিবাৰে মধ্য ইউক্ৰেইনৰ এটা বিমানবন্দৰত ৰাছিয়াৰ সেনাই নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে।

ইফালে ইউক্ৰেইনৰ বাহিনীয়েও ৰাছিয়াৰ দখলত থকা দক্ষিণ ভূখণ্ডৰ নদীৰ সিপাৰে ৰকেট নিক্ষেপেৰে আক্ৰমণ সংঘটিত কৰে। অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই।

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ ১৫০ সংখ্যক দিনটোত দুয়োখন দেশে নিজৰ আধিপত্য বিস্তাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

মধ্য ইউক্ৰেইনৰ কিৰ’ভ’হ্ৰাডস্কা অঞ্চলৰ এটা বিমানবন্দৰ আৰু এটা ৰে’লৱে ষ্টেশ্যনত ১৩টা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়।

গৱৰ্ণৰ এড্ৰিয়া ৰেলকোভিচে জনোৱা মতে, এই আক্ৰমণত কমেও এজন জোৱান আৰু দুজন গাৰ্ড নিহত হৈছে।

আঞ্চলিক প্ৰশাসনে জনোৱা মতে, কিৰ’ভ’হ্ৰাড চহৰৰ সমীপত সংঘটিত এই আক্ৰমণত আন ১৩ জন লোক আহত হৈছে।