‘ধ্বসং হবই লাগিব ইউক্ৰেইন!’ ৰাছিয়াৰ ৭৫ টা কৈ মিছাইল নিক্ষেপ ইউক্ৰেইনৰ বুকুলৈ

0
573

‘ধ্বসং হবই লাগিব ইউক্ৰেইন!’ ৰাছিয়াৰ ৭৫ টা কৈ মিছাইল নিক্ষেপ ইউক্ৰেইনৰ বুকুলৈ

ৰক্ষা পৰা কেইজনৰো প্ৰাণ কাঢ়ি হে এৰিব যেন ৰাছিয়াৰ শাসক ব্লাডিমিৰ পুটিনে! পুটিনৰ যেন এতিয়া কেৱল এটাই সপোন ‘ধ্বসং হবই লাগিব ইউক্ৰেইন’। পুনৰ ৭৫ টাকৈ মিছাইল বৰষুণ পৰা দি পৰিল ইউক্ৰেইনৰ বুকুত।

ৰাজধানী কিয়েভৰ পৰা লভিভলৈ ৭৫ টা মিছাইলেৰে থকা সৰকা কৰে ইউক্ৰেইনৰ বুকু। ৰাছিয়াৰ আক্ৰমণে বহু ঠাইৰ যথেষ্ট ক্ষতি সাধন কৰিছে ভলিডিমিৰ জেলেনেস্কিৰ ইউক্ৰেইন।

ৰাছিয়াই কেইবামাহৰ অন্তত কিয়েভ আক্ৰমণ কৰে। কিয়েভৰ উপৰিও ৰাছিয়াৰ সেনাই একেসময়তে পোলেণ্ড সীমান্তৰ লভিভ, ঝায়াটমটৰ, খমেলনিটস্কিকে ধৰি বহুতো চহৰক লক্ষ্য কৰি লয়।

ৰাঠিয়াৰ ক্ৰিমিয়াৰ দলং বিস্ফোৰণ কৰি উৰুৱাই দিয়াৰ পিছত ৰাছিয়াই সেই আক্ৰমণৰেই আজি প্ৰতি-আক্ৰমণ আৰম্ভ কৰিছে বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ক্ৰিমিয়া দলঙৰ ওপৰত হোৱা আক্ৰমণক সন্ত্ৰাসবাদী ঘটনা বুলি অভিহিত কৰিছিল।

পাছে সেই আক্ৰমণৰ পাছতে আজি ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে ৰাছিয়াই। যি আক্ৰমণত কঁপি উঠে ইউক্ৰেইনৰ বুকু। প্ৰাথমিক তথ্য অনুসৰি বৰ্তমানলৈ ৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে এই আক্ৰমণৰ ফলত।

তাৰোপৰি অন্য ২৪ গৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। পাছলৈ সঠিক তথ্য সদৰি হলে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।