অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰীক ৰাছিয়াত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা

0
2422
অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰীক ৰাছিয়াত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা
ফটো সৌজন্য- ইণ্টাৰনেট

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণকলৈ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ৰাছিয়াৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰীক ৰাছিয়াত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাছিয়াই।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ নিষেধাজ্ঞা আৰোপ কৰা পদক্ষেপক সমালোচনা কৰি অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰী স্কট মৰিছন আৰু নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰী জেকিণ্ডা এৰ্ডেনৰ ৰাছিয়াত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।

বৃহস্পতিবাৰলৈ ৰাছিয়াই ২২৮ গৰাকী অষ্ট্ৰেলিয়ান আইনজীৱি, চৰকাৰী প্ৰতিনিধি আৰু ১৩০ গৰাকী নিউজিলেণ্ডৰ নাগৰিকক ৰাছিয়াত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে।

ইপিনে, কালি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৰাছিয়াক ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ পৰা নিলম্বিত কৰা হয়।

অৱশ্যে ভাৰতে উক্ত প্ৰস্তাৱত ভোটগ্ৰহণৰ পৰা বিৰত থাকি নিৰপেক্ষ ভূমিকা অৱলম্বন কৰে।

আৰু পঢ়ক : কাজিৰঙাৰ ধনদাবী ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক আৰক্ষীৰ