যুদ্ধৰ বাবে ২০২২ বৰ্ষত ৰাছিয়া আৰু ইউক্ৰেইনৰ অৰ্থনীতি সংকুচিত হ’ব ক্ৰমে ১১.২ আৰু ৪৫.১ শতাংশ

0
288
যুদ্ধৰ বাবে ২০২২ বৰ্ষত ৰাছিয়া আৰু ইউক্ৰেইনৰ অৰ্থনীতি সংকুচিত হ’ব ক্ৰমে ১১.২ আৰু ৪৫.১ শতাংশ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ফলশ্ৰুতিত ২০২২ বৰ্ষত ইউক্ৰেইনৰ অৰ্থনীতি ৪৫.১ শতাংশলৈ সংকুচিত হ’ব।

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ মাজতে দেওবাৰে বিশ্ব বেংকে ইউক্ৰেইনৰ অৰ্থনীতিকলৈ এইদৰে ভবিষ্যতবাণী কৰে।

ইপিনে, ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে ৰাছিয়াৰ ওপৰত বিভিন্ন দেশে আৰোপ কৰা অৰ্থনৈতিক নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ অৰ্থনীতিও ২০২২ বৰ্ষত ১১.২ শতাংশ সংকুচিত হ’ব বুলি বিশ্ব বেংকে উল্লেখ কৰে।

“ক’ভিডৰ পাছত পুনৰ উদ্ধাৰ হ’ব ধৰা বিশ্বৰ অৰ্থনীতি ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাছতে পুনৰ অৱনমিত হ’ব বুলি আমাৰ সমীক্ষাই ধাৰণা কৰিছে,” বিশ্ব বেংকে এইদৰে কয়।

উল্লেখযোগ্য যে, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ৪৪ সংখ্যক দিনত ভৰি দিছে আৰু এই দীঘলীয়া যুদ্ধত ইউক্ৰেইনৰ চহৰ সমূহ প্ৰায় ধ্বংসস্তুপত পৰিণত হৈছে।

ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পল দখল কৰাৰ পাছতে দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আৱেগিক হৈ পশ্চিমীয়া দেশ সমূহক পুনৰ সহায়ৰ বাবে আহ্বান জনাইছে।

আৰু পঢ়ক : ধৰ্ষণে এগৰাকী মহিলাৰ আত্মাক ধ্বংস কৰি দিয়ে, দলবদ্ধ ধৰ্ষণৰ গোচৰত পকছো আদালতৰ মন্তব্য