29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা, শিক্ষকসহ ১১ জন শিক্ষাৰ্থীৰ মৃত্যু

    বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা, শিক্ষকসহ ১১ জন শিক্ষাৰ্থীৰ মৃত্যু

    ৰাছিয়াৰ কাজান চহৰৰ এখন বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাটোত কমেও ৯ জন নিহত হোৱাৰ উপৰি কেইবাজনো আহত হোৱাৰ খবৰ আহিছে।

    গুলীচালনাৰ ঘটনাৰ পিছত বিদ্যালয়খনত কেনে ধৰণৰ পৰিৱেশ তথা পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এক ভিডিঅ’ৰ জৰিয়তে দেখিবলৈ পোৱা যায়।

    ভিডিঅ’টোত স্পষ্টৰূপত দেখা পোৱা যায় যে গুলীচালনাত বিদ্যালয়খনৰ যথেষ্ট ক্ষয়-ক্ষতি হৈছে।    

    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মঙলবাৰে মধ্য ৰাছিয়াৰ কাজানৰ এখন হাইস্কুলত অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি গুলীচালনাৰ ঘটনা সংঘটিত কৰে।

    এই ঘটনাটোত কমেও নজন শিক্ষাৰ্থীসহ এজন শিক্ষকৰ মৃত্যু হয়।

    আনহাতে, সংবাদ সংস্থা আৰআইএ-য়ে দাবী কৰে যে গুলীচলনাত ১১ জন লোক নিহত হোৱাৰ বিপৰীতে আন চাৰিজন আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

    উল্লেখ্য যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত দুৰ্বৃত্তক চিনাক্ত তথা কৰায়ত্ত কৰিব পৰা নাই।

    আৰু পঢ়ক : কভিডৰ দ্ৰুত সংক্ৰমণ, পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সাতদিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং