
নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাৰ্ডৰ সফল অভিযান, জব্দ কৰিলে ১ লাখ টকা। নিশা তালাচী চলাই ফ্লায়িং স্কোৱাৰ্ডে জব্দ কৰে নগদ টকা খিনি। ৰূপহীহাটত এই অভিযানত জব্দ টকা ।
নিৰ্বাচনৰ প্ৰচাৰৰ সময় ৰূপহী তিনি আলিত জব্দ কৰিলে নগদ এক লাখ টকা। নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাৰ্ডে তালাচী চলাই বিল্লাল উদ্দিন নামৰ লোক জনৰ পৰা জব্দ কৰে ধন খিনি।
বিল্লাল উদ্দিনে নগদ ধন খিনি চামগুৰি কনুৱামাৰীৰ এটা ইটা ভাটাৰ পৰা আনি থকা অৱস্থাত ফ্লায়িং স্কোৱাৰ্ডে চলাইছিল তালাচী।
এখন মাৰুতী ছুজুকী বাহনত ধন লৈ আহি আছিল বিল্লাল উদ্দিন।
আৰু পঢ়ক : কংগ্ৰেছে নিশা ঘোষণা কৰে ভৰত চন্দ্ৰ নৰহসহ তিনিজনীয়া প্ৰাৰ্থীৰ তালিকা