32 C
Guwahati
Sunday, September 19, 2021
More

    ৰাজ্যত চাৰিওদিশে দেখা দিছে নিৰ্বাচনী হিংসাই, এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীক হাত ভৰি বান্ধি প্ৰহাৰ দুৰ্বৃত্তৰ

    ৰাজ্যত চাৰিওদিশে দেখা দিছে নিৰ্বাচনী হিংসাই, এইবাৰ নিৰ্দলীয় প্ৰাৰ্থীক হাত ভৰি বান্ধি প্ৰহাৰ দুৰ্বৃত্তৰ। ৰূপহীহাটত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা।

    নিশা দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ ভাবে আহত ৰূপহীহাটৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামা। নিশা ডেৰ মান বজাত প্ৰাৰ্থী গৰাকী জুৰীয়াৰ মাহেৰীপাৰাৰ নিজা ঘৰৰ সন্মুখৰ পৰাই দুৰ্বৃত্তৰ দলটোৱে হাত ভৰি বান্ধি অপহৰণ কৰি কিছু দূৰলৈ নি আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে।

    পিছত স্থানীয় একাংশ লোকৰ সহযোগত প্ৰাৰ্থী গৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰে। কোনে কি কাৰণত প্ৰাৰ্থী গৰাকী এইদৰে আক্ৰমণ কৰিলে সেয়া অদ্যপিও পোহৰলৈ অহা নাই।

    আৰু পঢ়ক : নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ বৃহৎ সফলতা, জব্দ কৰিলে ৪০ কেজিৰো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং