
এতিয়া ৰাসৰ বতৰ, এইবাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৃষ্ণ নৃত্য কৰিব কিন্তু ৰাসৰ মঞ্চত নহয় বলীউডৰ অভিনেত্রীৰ সৈতে।’- যোৰহাটত এই বিস্ফোৰক মন্তব্য মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। ৰাজ্য চৰকাৰে ৩০ কোটি টকা ব্যয় সাপেক্ষে আয়োজন কৰা ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ সৰৱ হৈ পৰে মৰিয়নীৰ বিধায়কজন। যোৰহাটত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে বিধায়ক কুৰ্মীয়ে।
‘ফিল্ম ফেয়াৰ এৱাৰ্ড পাতি সৰ্বাই কৃষ্ণ নৃত্য কৰিব, সেইবাবে হিন্দী চিনেমাৰ অভিনেত্রীৰে কৃষ্ণ নৃত্য কৰিবৰ বাবে অসমৰ বিয়া নপতা মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৩০ কোটি টকা ব্যয় কৰি ফিল্ম ফেয়াৰ এৱাৰ্ডৰ আয়োজন কৰিছে বুলিও বিস্ফোৰক মন্তব্য কৰে বিধায়কগৰাকীয়ে।
ইফালে বিজেপি দলে চৰকাৰ চলোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি যোৰহাটত আজি সৰৱ হৈ পৰে কংগ্ৰেছ দল। অল্ড চাৰ্কিট হাউচ ৰোডত অৱস্থিত কংগ্ৰেছ ভৱনৰ পৰা চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈকে এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

মূল্য বৃদ্ধি, অৰ্থনৈতিক মন্দাৱস্থা, বিমান বন্দৰ, তৈল ক্ষেত্র এই ব্যক্তিগত খণ্ডসমূহক হস্তান্তৰ কৰা আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ কৰ্ম-সংস্থাপনৰ বিলুপ্তি ঘটোৱাক লৈ সৰৱ হৈ পৰে কংগ্ৰেছ । প্ৰতিবাদত অংশগ্ৰহণ যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি দীপ গগৈৰ।