23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRA-ৰ হাতত বিধ্বস্ত বিজেপি মিত্ৰজোঁট

    ত্ৰিপুৰাত শনিবাৰে বিজেপি দলটোৱে জনজাতীয় পৰিষদৰ নিৰ্বাচনত ব্যাপক পৰাজয়ৰ সন্মুখীন হয়, য’ত দলটোৱে আইপিএফটি (ইণ্ডিজিনিয়াছ পিপ’লছ ফ্ৰণ্ট অফ ত্ৰিপুৰা)ৰ মিত্ৰতাত চৰকাৰ চলাই আছে।

    অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ত্ৰিপুৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনটোত নতনকৈ গঠিত হোৱা তিপ্ৰা (দ্যা ইণ্ডিজিনিয়াছ প্ৰগ্ৰেছিভ ৰিজনেল এলায়েন্স) দলে ২৮ খন আসনৰ ভিতৰত ১৮ খন আসন লাভ কৰিছে।

    আনহাতে বিজেপি আৰু ইয়াৰ মিত্ৰ দলে মাত্ৰ ৯ খন আসনতেই সীমাবদ্ধ থকাৰ বিপৰীতে এখন আসন নিৰ্দলীয়ই জয় লাভ কৰে।

    উল্লেখ্য যে পূৰ্বৰ নিৰ্বাচনত জয়ী হোৱা বাঁও মৰ্চা আৰু কংগ্ৰেছ দলে এখনো আসন লাভ নকৰিলে।

    তিপ্ৰা দলটোৰ নেতৃত্বত আছে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন।

    দেৱবৰ্মনে যি নাগৰিকত্ব আইনৰ প্ৰতিবাদ কৰি যোৱা ছেপ্টেম্বৰত কংগ্ৰেছৰ ৰাজ্যিক গোটৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল।

    পৰিষদখনত ৩০ খন আসন আছে, যাৰ ভিতৰত ২৮ খন নিৰ্বাচিত আৰু দুখন ৰাজ্যপালে মনোনীত কৰে।

    এই ৩০ খন আসন ২০ টা বিধানসভা সমষ্টি বিয়পি আছে।

    ২০১৫ চনৰ মে’ মাহত অনুষ্ঠিত পূৰ্বৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ নিৰ্বাচনত চিপিআই(এম) নেতৃত্বাধীন বাঁও মৰ্চাই ২৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল।

    ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি-আইপিএফটিৰ মিত্ৰজোঁটে জনজাতীয় পৰিষদৰ অন্তৰ্গত ২০ টা সমষ্টিৰ ভিতৰত ১৮ টাতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

    কিন্তু তিনি বছৰৰ পিছত বিজেপি মিত্ৰজোঁটৰ এই লজ্জাজনক পৰাজয়ে ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে।

    আৰু পঢ়ক : বিশ্বনাথত পুনৰ দুজন কভিড-১৯ ত আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং