পৰ্যটকৰ বাবে নতুন নিয়ম মেঘালয় চৰকাৰৰঃ প্ৰৱেশৰ পূৰ্বে পালন কৰিব লাগিব এইসমূহ নিয়ম :-
মেঘালয় অসমৰ গাতে লাগি থকা চুবুৰীয়া ৰাজ্য। সাধাৰণতে প্ৰায়সংখ্যক লোকেই সহজতে ফুৰিবলৈ যোৱাৰ প্ৰধান ঠাইখনেই হৈছে মেঘালয়ৰ শ্বিলং।
এইবাৰ পৰ্যটকৰ বাবে নতুন নিয়ম ঘোষণা কৰিলে মেঘালয় চৰকাৰে। মেঘালয়ত প্ৰৱেশৰ পূৰ্বেই পৰ্যটকসকলে উল্লেখতি নীতি-নিয়মখিনি পালন কৰিহে ভ্ৰমণ কৰিব পাৰিব।
মেঘালয়ত আৰম্ভ হৈছে ইনাৰ লাইন পাৰ্মিটৰ দৰে কিছু নিয়ম। মেঘালয়ত প্ৰৱেশৰ পূৰ্বেই অনলাইনযোগে কৰিব লাগিব পঞ্জীয়ন। পৰ্যটকসকলৰ চিনাক্তকৰণৰ সুবিধাৰ্থে এই পদক্ষেপ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।
পঞ্জীয়নৰ বাবে ইতিমধ্যে মেঘালয় চৰকাৰে ১৮টা সুবিধা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰিছে।
ইফালে ক’ভিড মহামাৰীৰ পাছৰ পৰা পৰ্যটকৰ বাবে ২১ ডিচেম্বৰৰ পৰা খুলি দিয়া হৈছে শ্বিলং। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টুইটাৰযোগে প্ৰকাশ কৰিছিল এই কথা।
আৰু পঢ়ক : আস্থাভোটত জয়ী প্ৰমোদ বড়ো চৰকাৰ, সদনত কিয় খং উঠিল বিপিএফৰ