24 C
Guwahati
Thursday, May 19, 2022
More

    আন্দোলন সামৰি ঘৰলৈ উভতি যোৱা কৃষকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; দুজনৰ মৃত্যু, দুজন আহত

    আন্দোলন সামৰি ঘৰলৈ উভতি যোৱা কৃষকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; দুজনৰ মৃত্যু, দুজন আহত

    কৃষক আন্দোলন সমাপ্ত কৰি টিকৰী সীমান্তৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত পঞ্জাৱ কৃষকৰ এখন ট্ৰেক্টৰ হাৰিয়ানাৰ হিছাৰত এটা ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।

    শনিবাৰে পুৱা প্ৰায় ৭ বজাত ৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ধানদুৰ গাঁৱৰ ওচৰত এখন দ্ৰুতবেগী ট্ৰাকে কৃষকৰ এখন ট্ৰাকক প্ৰচণ্ড জোৰত খুন্দা মাৰে।

    পঞ্জাৱৰ মুক্তছৰ চাহিবৰ বাসিন্দা কৃষক সুখৱিন্দৰৰ দুৰ্ঘটনাটোত ঘটনাস্থলতে মৃত্যু হয়।

    আনহাতে আঘাতপ্ৰাপ্ত কৃষকসকলক ওচৰৰে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত আন এজন কৃষক অজয়প্ৰীতৰো মৃত্যু ঘটে।

    প্ৰাপ্ত তথ্য অনুসৰি, আন্দোলন সমাপ্ত হোৱাৰ পিছত, পঞ্জাৱৰ কৃষকসকলে ৰাষ্ট্ৰীয় ঘাইপথ-৯ হৈ পঞ্জাৱলৈ গৈ আছিল।

    যেতিয়া কৃষকসকলৰ বাহন হিছাৰৰ ধানদুৰৰ ওচৰৰ বাগলা ৰোডত উপস্থিত হৈছিল তেতিয়াই এখন দ্ৰুতবেগী ট্ৰাকে তেওঁলোকৰ ট্ৰলীখনক পিছফালৰ পৰা খুন্দা মাৰিছিল।

    দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ট্ৰাকৰ খুন্দাত ট্ৰলীখন নিয়ন্ত্ৰণহীন হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে।

    এই দুৰ্ঘটনাটোত মুক্তছৰ চাহিবৰ এজন ৩৮ বছৰীয়া কৃষক সুখবিন্দৰ সিঙৰ মৃত্যু হয়।

    দুৰ্ঘটনাটোত আহত হোৱা অজয়প্ৰীত, গোগা (৬২) আৰু দাৰা সিঙক (৫৫) ততাতয়াকৈ হিছাৰৰ চুড়ামণি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

    পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অজয়প্ৰীতৰো চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

    আৰু পঢ়ক : এইবাৰ ছবি পৰিচালক আলী আকবৰে গ্ৰহণ কৰিব হিন্দু ধৰ্ম..ইয়াৰ পিছৰ কাৰণো কলে তেখেতে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং