চীনত কৰ’ণাৰ তাণ্ডৱৰ মাজতে ভাৰত চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত, প্ৰযোজ্য হ’ব নতুন বছৰৰ পৰা

0
435
প্ৰতিনিধিত্বমূলক চিত্ৰ

চীনৰ লগতে বিশ্বৰ কেইবাখনো দেশত সন্ত্ৰাস অব্যাহত থকা কৰ’ণা ভাইৰাছক লৈ এতিয়া সাধাৰণ জনতাৰ লগতে চিন্তিত হৈ পৰিছে ভাৰত চৰকাৰ।  

কৰ’ণাই যাতে পুনৰ এবাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে বৃহস্পতিবাৰে ভাৰত চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ছয়খন দেশৰ পৰা অহা লোকে কৰ’ণাৰ আৰ টি পি চি আৰ টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে।

নতুন বছৰৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনছুখ মাণ্ডৱিয়াই এটা টুইটৰ জৰিয়তে এই কথা ঘোষণা কৰে।

তেওঁ টুইটত কয়, ‘২০২৩ বৰ্ষৰ ১ জানুৱাৰিৰ পৰা চীন, হংকং, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু থাইলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ বাবে RTPCR টেষ্ট বাধ্যতামূলক কৰা হৈছে। যাত্ৰাৰ পূৰ্বে নিজৰ ৰিপ’ৰ্ট এয়াৰ সুবিধা পোৰ্টেলত আপলোড কৰিব লাগিব’।

উল্লেখ্য যে বুধবাৰে আমেৰিকাইও চীনৰ পৰা অহা সকলো যাত্ৰীৰ বাবে ক’ভিড-১৯ সম্পৰ্কীয় সকলো পৰীক্ষা বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছে।

চীনত দ্ৰুতগতিত বৃদ্ধি পোৱা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত কৰ’ণা ভাইৰাছৰ সৈতে জড়িত কঠোৰ নিষেধাজ্ঞা পুনৰ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে।