কাছাৰত ডকাইতৰ দলে লুটি নিলে সোণৰ অলংকাৰ সহ নগদ ২ লাখ টকা

0
336
কাছাৰত ডকাইতৰ দলে লুটি নিলে সোণৰ অলংকাৰ সহ নগদ ২ লাখ টকা

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ডকাইতি ঘটনা। এইবাৰ কাছাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। কাছাৰ জিলাৰ বৰজুৰাইত নিশা সংঘটিত হ’ল এক দুঃসাহসিক ডকাইতি কাণ্ড ৷ বন্দুকধাৰী ডকাইতৰ দলে লুটি নিলে নগদ ধন সহ সোণৰ আ-অলংকাৰ ৷

জানিব পৰা মতে নিশা বন্দুকধাৰী ২০ জনীয়া এটা কাছাৰত ডকাইতৰ দলে ফখৰ মজুমদাৰ নামৰ এজন ব্যক্তিৰ ঘৰত দৰ্জা ভাঙি সোমাই ঘৰৰ ভিতৰত শূন্যলৈ গুলী চলাই ঘৰৰ লোক সকলক বন্দুক দেখুৱাই ২ লাখ টকা নগদ ধন সহ প্ৰায় ১০ লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি লৈ যায়।

এই ডকাইতি ঘটনাত ডকাইতৰ দলটোৰ আক্ৰমণত আহত হয় পৰিয়ালৰ দুজনকৈ লোক ৷ইয়াৰ পাছতেই এই সমস্ত ঘটনা লৈ তীব্ৰ চাঞ্চল্য দেখা দিছে অঞ্চলটোত।

আৰু পঢ়ক : মন্দিৰৰ পৰাই চুৰি কৰি লৈ গ’ল বিভিন্ন আ-অলংকাৰৰ লগতে আন সা-সামগ্ৰী