ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ! IPLৰ ৩খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত

বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেল। ৰাজস্থান ৰয়েলছে দুখন খেল খেলিব। আন এখন খেল হ'ব আন এটা দলৰ

0
1197

Franchise ক্ৰিকেট টীমে অসম ক্ৰিকেট এছচিয়েচনৰ সৈতে মিলি ২০২০ত ৰাজ্যত এখন ক্ৰিকেট একাডেমী স্থাপন কৰিব বুলি বুধবাৰে ৰাজস্থান ৰয়েলছৰ মালিক মনোজ বেডালেই ঘোষণা কৰিলে। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰি আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিলে বেডালেই।

লগতে তেওঁ ক’লে যে গুৱাহাটীত IPLৰ তিনিখনকৈ মেচ অনুষ্ঠিত হ’ব। বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল। ৰাজস্থান ৰয়েলছে দুখন খেল খেলিব। আন এখন খেল হ’ব আন এটা দলৰ।

সাধাৰণতে ঘৰুৱা ৰাজ্য ৰাজস্থানৰ জয়পুৰতে খেল অনুষ্ঠিত হয় ৰাজস্থান ৰয়েলছৰ। BCCIক গুৱাহাটীত কেইখনমান খেল অনুষ্ঠিত কৰাৰ অনুৰোধ জনাইছিল Franchise-এ।